দুটা মাতৃহাৰা গঁড় পোৱালি।দুয়োটা পোৱালিকে মাতৃস্নেহ দিয়াৰ আপ্ৰাণ চেষ্টা এটা কেন্দ্ৰই।কেন্দ্ৰটোৰ আপদালত ক্ৰমে নিজে খাব পৰা হৈছে গঁড়পোৱালি দুটাই।বণ্য়প্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত দুৰ্গত বন্য়প্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন এটা অতিকৈ গুৰুত্ব পূৰ্ণ দিশ প্ৰাকৃতিক দুৰ্যোগ বা আন বিভিন্ন কাৰণত কেতিয়াবা মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰে বন্যজন্তুৰ পোৱালি। কেতিয়াবা দুৰ্ঘটনা বা জন্তু মানুহৰ সংঘাটৰ বাবেও আহত হয় বন্যজন্তু।
এনেক্ষেত্ৰত দুৰ্গত বন্যপ্ৰাণীক উদ্ধাৰ কৰি শুশ্ৰুষা প্ৰদানেৰে পুনৰ সংস্থাপনৰ ব্য়ৱস্থা নকৰিলে বহু বন্য়জন্তুৰ মৃত্য়ু হোৱাৰ লগতে প্ৰকৃতিৰ পৰা বিলুপ্তিহৈ যোৱাৰে সম্ভাৱনা অধিক।এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৱাইন্দ লাইফ ট্ৰাষ্ট অৱ ইন্দিয়াই ২০০০ চনত কাজিৰঙাৰ পানবাৰীত প্ৰতিস্থা কৰে বন্য়প্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থান কেন্দ্ৰটোৰ উদ্য়োগত কাজিৰঙাকে আদি কৰি ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা হৈছে আঠ হাজাৰৰো অধিক বন্যপ্ৰাণী ।
বিশেষ ভাৱে মাতৃৰ পৰা বিচিন্ন হৈ পৰা বন্য়জন্তু পোৱালিক শুশ্ৰুষা তথা লালন পালনৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব লগীয়া হয় কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে।খাদ্যৰ পৰা আৰম্ভ দুইৰ পৰা আঢ়ৈ বছৰ বয়সৰ দুটা গড় পোৱালিৰ লগতে টা মএহ হাতীৰ পোৱালিৰ আৰু কেইটামান নাকৰি প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খোৱাকৈ মাতৃ সুলভ আব্দাৰৰ মাজত ডাঙৰ কৰিব লগীয়া হয় পোৱালি বিলাকক।বৰ্তমা নাহৰ ফুটুকী আছে কেন্দ্ৰটোত।সম্পূৰ্ণ মাজত ডাঙৰ দীঘল কৰা হৈছে পোৱালি কেইটাক।