উওৰ-পূব ভাৰতৰ ভিতৰত যাত্ৰী পৰিবহন আৰু যোগাযোগৰ ক্ষেত্ৰত গুৱাহাটী ৰে’লৱে ষ্টেচনে বৃহত্তম ষ্টেচন হিচাপে প্ৰথম স্থান অধিকাৰ কৰিছে। তালিকাখনত নিউ জলফাইগুৰি আৰু কাটিহাৰ ষ্টেচনে দ্বিতীয় আৰু তৃতীয় স্থানত বৃহত্তম ষ্টেচন হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।
বিহাৰৰ কাটিহাৰ আৰু পশ্চিমবংগৰ নিউ জলফাইগুৰিৰ তুলনাত ৰে’লৰ প্ৰচলন আৰু আন্তঃগাথনি কম থাকিলেও গুৱাহাটীয়ে যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত এই শিৰোনাম দখল কৰি পুনৰ প্ৰমান কৰে যে ৰাজ্যখনত ৰে’ল যোগাযোগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। উওৰ-পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা শেহতীয়াকৈ ২০২৩ চনৰ মাৰ্চ মাহলৈ এটা সমীক্ষা চলাইছিল আৰু সেই সমীক্ষা অনুসৰি উওৰ-পূব ভাৰতৰ সৰ্বাধিক যাত্ৰী গুৱাহাটী ষ্টেচনৰ মাজেৰে যাত্ৰা কৰে।
উল্লেখযোগ্য যে, উওৰ-পূব সীমান্ত ৰে’লৱেৰ এক সমীক্ষাত পোৱা গৈছে যে যদিও দেশৰ উওৰ-পূব দিশৰ বহু ষ্টেচনৰ মাজেৰে কম সংখ্যত দীৰ্ঘ দূৰত্বৰ ৰে’ল পাৰ হোৱাৰ বাবে তালিকাত নাম সন্নিৱিষ্ট হোৱাৰ সম্ভাৱনা কমি গৈছে , তথাপিও গুৱাহাটীৰ বাহিৰেও আন আন ষ্টেচন সমূহে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে।