SCERTৰ ১০৫ কোটি টকাৰ কেলেংকাৰীৰ মূল অভিযুক্তক ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ

Share

অৱশেষত আৰক্ষীৰ জালত পৰিল শিক্ষক প্ৰশিক্ষণ সংস্থা SCERT কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালি দেৱী শৰ্মা। আৰক্ষীয়ে ৰাজস্থানৰ আজমেৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত আই এ এছ গৰাকীক। 

SCERTৰ শিক্ষক প্ৰশিক্ষণৰ নামত  ১০৫ কোটিটকীয়া কেলেংকাৰীৰ সৈতে সাঙোৰ খাইছে আই এ এছ শেৱালি দেৱী শৰ্মা আৰু তেওঁৰ স্বামী অজিত পাল সিঙৰ নাম।

আজমেৰৰ হোটেলখনৰ পৰা শেৱালি দেৱী শৰ্মাৰ উপৰিও অজিত পাল সিং, তেওঁৰ বন্ধু আমিন আৰু সহায়কাৰী মাজনী কাইঠাকো গ্ৰেপ্তাৰ কৰা হয়। সোমবাৰে স্থানীয় আদালতত চাৰিওজনকে হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষীয়ে জনাইছে। পৰৱৰ্তী সময়ত চাৰিওজনকে গুৱাহাটীলৈ অনা হ’ব।

উল্লেখযোগ্য যে, চলিত মাহৰ ৩ তাৰিখে SCERT কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছ নেতা তথা শেৱালি দেৱী শৰ্মাৰ জোঁৱাই ৰাজেশ যোশীসহ ৬ জনক গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে। ২০১৭ চনৰ পৰা ২০২২ চনলৈ বিভিন্ন পাঠ্যক্ৰমৰ নামত পূঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকৰ নামত। তথ্য অনুসৰি ১০৫ কোটি টকাৰ কেলেংকাৰীত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হৈছিল। 

শেৱালি দেৱী শৰ্মা আৰু স্বামী অজিত পাল সিঙৰ গ্ৰেপ্তাৰে  SCERT কেলেংকাৰীৰ ন ন ৰহস্য ফাদিল কৰাৰ সম্ভাৱনা আছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *