তুংগত কৰ্ণাটক নিৰ্বাচনী প্ৰচাৰ অভিযান। এফালে যদি ডেলিভাৰী বয়ৰ স্কুটিত উঠি প্ৰচাৰ ৰাহুল গান্ধীৰ আনফালে আকৌ নৰেন্দ্ৰ মোডীৰ ‘ৰোড শ্ব’। মুঠতে কোনেও নিৰ্বাচনী প্ৰচাৰত কোনো কেৰোণ এৰি দিয়া নাই। আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন আৰু এই অন্তিম ক্ষণত কংগ্ৰেছ আৰু বিজেপিয়ে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ।
কেৱল সেয়াই নহয় নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তথা দেশৰ ৰাজনীতিত শেহতীয়াকৈ প্ৰচুৰ গুৰুত্ব লাভ কৰা ড০ হিমন্ত বিশ্ব শৰ্মাকো বিগত কেইটামান দিনত কৰ্ণাটকত দেখা যায় ।
ডেলিভাৰী বয়ৰ সৈতে স্কুটিত উঠি ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে নৰেন্দ্ৰ মোডীক উদ্দেশ্যি মন্তব্য প্ৰদান কৰা সময়তেই কৰ্ণাটকত কংগ্ৰেছে কৰা নিৰ্বাচনী প্ৰতিজ্ঞা সমূহ সমালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
সেই সন্দৰ্ভতেই হিমন্ত বিশ্ব শৰ্মাই কয় যে, ”কাৰোবাক গেৰান্টী দিবলৈ কংগ্ৰেছ কোন হয়? ৰাহুল গান্ধীৰ গেৰান্টী কোনো দিব প্ৰথমে সেই কথা কওক। উওৰ প্ৰদেশত নিৰ্বাচনত পৰাস্ত হৈ তেওঁ কেৰেলালৈ গল। কোনোবাদিনা যদি তেওঁক ছাদ্দাম হুছেইনৰ দৰে দেখি, অইন দিনা আকৌ আমূলৰ শিশুটিৰ দৰে। ছোনীয়া গান্ধীয়ে ২০ বছৰ চেষ্টা কৰাৰ অন্তত ৰাহুল গান্ধী আজি এনে এক পদত আছে। যিজন ব্যক্তিয়ে নিজৰেই গেৰান্টী লব নোৱাৰে, তেওঁ কৰ্ণাটকৰ ৰাইজক কেনেদৰে গেৰান্টী দিব।”
উল্লেখ্য যে, কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছে ৫টা কৈ প্ৰতিশ্ৰুতি দিছিল ৰাইজক ।
এই কটাক্ষৰ সৈতেই কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰে এক অন্য ৰূপ লোৱাও পৰিলক্ষিত হৈছে। বিগত দিনত মোডী উপাধিধাৰী লোকসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা বুলি অভিযোগ উত্থাপন হোৱা ৰাহুল গান্ধীৰ ভাষণ বহু পৰিমাণে মাৰ্জিত আৰু পৰিপাটী আছিল।