নিবেদিতা ভৰালী
৩ আগষ্ট: বিটিআৰত পুনৰ আৰম্ভ হ’ব আন্দোলন ।এইবাৰ আন্দোলন কৰিব একাংশ প্ৰাক্তন এনডিএফবি সদস্যই।
উল্লেখযোগ্য যে ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুক্তিৰ দাবীত চলিব এই আন্দোলন।
১৫ আগষ্টৰ ভিতৰত ৰঞ্জন দৈমাৰীসহ আন কাৰাৰূদ্ধ প্ৰাক্তন এনডিএফবি সদস্যক মুক্তিৰ দাবী কৰিছে।
অন্যথা ১৬ আগষ্টৰ অনিৰ্দিষ্টকালীন বিটিআৰ বন্ধৰ হুংকাৰ।
আনহাতে প্ৰমোদ বড়ো, গোবিন্দ বসুমতাৰীকো এই ক্ষেত্ৰত ৰাজনীতি নকৰিবলৈ সকীয়নি দিছে।
ৰঞ্জন দৈমাৰীসহ আন কাৰাৰুদ্ধ প্ৰাক্তন এনডিএফবি সদস্য মুকলি হ’লেহে বিটিআৰলৈ শান্তি ঘূৰি আহিব বুলি কয় প্ৰাক্তন এনডিএফবি সদস্যই।
ৰঞ্জন দৈমাৰীয়ে বিটিআৰ চুক্তি স্বাক্ষৰকাৰীৰ সন্মান লাভ কৰা নাই।২২ জুলাইত কাৰাগাৰৰ পৰা গোপনে 10APBN কাৰ্যালয়লৈ স্থানান্তৰিত কৰা হৈছে দৈমাৰীক।
ইয়াকে লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে সদস্যসকলে।
ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ৰঞ্জন দৈমাৰীক মুকলি কৰি দিবলৈ আহ্বান জনাইছে।