বিশ্ব চেম্পিয়ন অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান টাইপাৰৰ ।সোণাৰিত বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস পালন।
প্ৰৱল প্ৰতাপী মোাগল সৈন্যৰ বিৰুদ্ধে যুঁজ দি যুদ্ধক্ষেত্ৰত প্ৰাণত্যাগ কৰা বীৰাংগনা মূলাগাভৰুৰ জীৱনাদৰ্শ ,প্ৰৱল স্বদেশানুৰাগ তথা বলিষ্ঠ ভূমিকা আৰু উচিত মৰ্যাদা প্ৰদানৰ উদ্দেশ্যে ২০১৩ বৰ্ষৰে পৰা টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে ক্ৰমাগতভাৱে প্ৰদান কৰি অহা বীৰাংগনা মূলা গাভৰু বঁটা আজি আন্ত ৰাষ্ট্ৰীয় বক্সোৰ তথা বিশ্ব চেম্পিয়ন অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইক প্ৰদান কৰা হয়। চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত আয়োজন কৰা এক বৰ্ণাঢ্য অনুষ্ঠানত সন্মানীয় বীৰাৈংগনা মূলাগাভৰু বঁটাটি প্ৰদান কৰা হয়।
টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপা ই দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু দশম বাৰ্ষিক বঁটা প্ৰদানৰ অনুষ্ঠানতে এই বঁটাটি লাভলীনা বৰগোহাঁয়ে গ্ৰহণ কৰে।উল্লেখ্য যে, দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি আজি দুপৰীয়া বাৰেৰহণীয়া এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ পৰা কৰা হয়।
উল্লেখ্য যে এই অনুষ্ঠানত লাভলীনাক আহোম ৰমণীৰ সাজ চাপকন , ফাৰু , ফা-চিত পৰিধান কৰোৱাই হাতত হেংদাং তুলি দিয়াৰ লগতে স্মাৰক প্ৰশস্তুি প্ৰত্ৰ তথা নগদ ধনেৰে সন্মানীয় বীৰাংগনা মূলাগাভৰু বঁটাটি প্ৰদান কৰা হয়। এই বঁটাত আছে বীৰাংগনা মূলা গাভৰুৰ এক স্মাৰক , মানপত্ৰ আৰু নগদ ত্ৰিশ হাজাৰ টকা।বঁটা গ্ৰহণ কৰি যুৱ ক্ৰীড়া বিদ তথা অলিম্পিক সোণৰ পদক বিজয়ী লাভলীনা বৰগোঁহায়ে কয় যে , অসমবাসীৰ আৰ্শীবাদ ,মোৰ সোণৰ পদক বিজয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাৰক আছিল ।অনাগত সময়তো অসম আৰু জাতিৰ হকে কাম কৰি যাব বুলি কয় লাভলীনা বৰগোহাঁয়ে ।