প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীয়ে ১৮ খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলত উদ্বোধন কৰে ৯১ টা এফ এম ৰেডিঅ ‘ট্ৰান্সমিটাৰ । প্ৰধানমন্ত্ৰী গৰাকীয়ে এই কথাও উল্লেখ কৰিছে যে এফ এম সেৱাৰ এই সম্প্ৰসাৰণ অল ইণ্ডিয়া এফ এম সেৱা হোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আৰু এই ৯১ টা FM Radio ট্ৰান্সমিটাৰ ৮৪ খন জিলাৰ ২ কোটি জনসাধাৰণৰ বাবে দিয়া এক উপহাৰ স্বৰূপ । সমগ্ৰ দেশৰ সীমান্ত অঞ্চলৰ লগতে পাৰ্শ্বৱতী জিলাসমুহত এফ এম ৰেডিঅ ‘ সংযোগ বৃদ্ধিৰ বাবে ৮৪ খন জিলাত ৯১ এফ এম ৰেডিঅ ‘ট্ৰান্সমিটাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে উদ্বোধন কৰে।
৯১ এফ এম ৰেডিঅ ‘ট্ৰান্সমিটাৰ উদ্বোধন অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ যথা সময়ত তথ্য প্ৰচাৰ হওক , কৃষিৰ বাবে বতৰৰ পূৰ্বাভাস হওক বা মহিলাৰ আত্মসহায়ক গোটসমুহক নতুন বজাৰৰ সৈতে সংযোগ কৰা হওক , এই FM ট্ৰান্সমিটাৰসমুহে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব । তাৰোপৰি তেওঁ এই কথাও কয় কেই দিনমান অপেক্ষা কৰাৰ পাছতে ‘মন কী বাত’ৰ অভিজ্ঞতা যি দেশবাসীৰ সৈতে আৱেগিক সংযোগত সৃষ্টি হৈছিল সেয়া কেৱল ৰেডিঅ ৰ জৰিয়তেহে সম্ভৱ হৈছে। যাৰ ফলত মই দেশবাসীৰ শক্তি আৰু সামুহিক কৰ্তব্যৰ শক্তিৰ সৈতে সংযুক্ত হৈ থাকিলো।
“ভাৰতে নিজৰ সম্ভাৱনাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ সক্ষম হ’বলৈ হ’লে কোনো ভাৰতীয়ই সুযোগৰ অভাৱ হোৱা উচিত নহয় বুলিও ‘ প্ৰধানমন্ত্ৰী মোদীয়ে কয়। আৰু এই ডিজিটেল মিডিয়াই যি এক নতুন চিন্তা ৰেডিঅ’ক দিলে সেয়াই আধুনিক প্ৰযুক্তিক সকলোৰে বাবে সুলভ কৰি তোলাত অতিকৈ ডাঙৰ মাধ্যম । যি দৰে প্ৰায় সংখ্যক গাঁৱতে অপটিকেল ফাইবাৰ মোবাইল আদিৰ ডাটাৰ খৰচ ইমানেই কমিছে যাৰ ফলত তথ্যৰ প্ৰৱেশ সহজ হৈ পৰিছে ।থিক সেইদৰে বিগত বছৰবোৰত দেশত সংঘটিত হোৱা টেক বিপ্লৱে ৰেডিঅ’ আৰু এফ এমৰ ক্ষেত্ৰতো সৃষ্টি কৰিছে এক নতুন অৱতাৰণা ।অৰ্থাৎ ডিজিটেল ইণ্ডিয়াই ৰেডিঅ’লৈ নতুন শ্ৰোতা প্ৰদান কৰিছে লগতে নতুন চিন্তাও দিছে।
এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে ৯১ টা FM Radio ট্ৰান্সমিটাৰ উদ্বোধন হোৱাটো এক ঐতিহাসিক পদক্ষেপ । তাৰোপৰি স্থানীয় ৰাইজক মনোৰঞ্জন ,ক্ৰীয়া আৰু খেতি লগতে অনান্য জড়িত তথ্যসমুহ প্ৰচাৰ কৰাত অতি সহজ আৰু সহায়ক হৈ পৰিব । লগতে ‘মন কী বাত’ৰ জনপ্ৰিয়তাও বৃদ্ধি কৰিছে।