মহিলাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰি বিপদত ৰাণা গোস্বামী

Share

অংকিতা দত্তৰ সপক্ষে মাত মাতিব গৈ বিপদত  পৰিছে এতিয়া প্ৰদেশ কংগেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ।  অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী  সভাপতি ৰাণা গোস্বামীয়ে   মুখ্যমন্ত্ৰীক অংকিতা দত্তৰ প্ৰসংগত কৰা টিপন্নিৰ উত্তৰ  দিবলৈ গৈ দুদিনৰ পূৰ্বে শিৱসাগৰত ৰাণা গোস্বামীয়ে বিজেপিৰ বিবাহিত মহিলা  পৰ- পুৰুষৰ লগত সম্পৰ্ক ৰখা বুলি বিস্ফোৰক মন্তব্য কৰিছিল । 

ইয়াকে  লৈ এতিযা জাঙুৰ খাই উঠিছে বিজেপিৰ  সভাপতিৰ লগতে মহিলা মৰ্চা । বুধবাৰে দলীয় আৰু  সাংগঠনিক কামত  শিৱসাগৰৰ  বিজেপি কাৰ্যালয়লৈ আহি উচ্চ স্বৰে কথা কোৱাত  এজন নেতাই অসন্তুষ্টি প্ৰকাশ কৰে । এনে  কথা গৰ্হিত  মহিলাৰ সন্মানৰ পৰিপন্থী বুলিও তেঁও উল্লেখ কৰে । আনহাতে ৰাণা গোস্বামীৰ  বিজেপিৰ  মহিলাক উদ্দেশ্য কৰি কৰা এনে মন্তব্যক লৈ জাঙুৰ খাই উঠিছে শিৱসাগৰ বিজেপিৰ মহিলা মৰ্চা । আৰু তাৰ পিছতে গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

এজাহাৰত  মহিলা মৰ্চাৰ সভানেত্ৰী ববী কাকতিকে ধৰি ৪২ গৰাকী মহিলা কৰ্মকৰ্তাই স্বাক্ষৰ কৰি গোস্বামীৰ এই মন্তব্য সকলো ধৰণৰ  মহিলা কৰ্মীৰ বাবে লজ্জাজনক লগতে অপমাণ  বুলিও উল্লেখ কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *