১৫-২০ বছৰৰ পিছত অসমতো হ’ব পাৰে ভয়ানক জনবিস্ফোৰণ

Share

ভাৰত বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে পৰিগণিত হোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ (এএইচপি)  সভাপতি প্ৰবীণ টোগাড়িয়াই জনসংখ্যা বৃদ্ধিৰ কাৰণ সংখ্যালঘু (মুছলমান) সম্প্ৰদায়ৰ বিৰুদ্ধে পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰে। বুধবাৰে গুৱাহাটীত উপস্থিত হৈ এক সংবাদমেল সম্বোধন কৰি ভাৰতত জনসংখ্যা বৃদ্ধিৰ একমাত্ৰ কাৰণ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল বুলি তেওঁ অভিযোগ কৰে। 

টোগাড়িয়াই গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে, সমগ্ৰ দেশৰ লগতে অসমতো সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ জনসংখ্যা দোপতদোপে বৃদ্ধি হৈ গৈ আছে। অহা ১৫-২০ বছৰত দেশৰ ভিতৰতে অসমত ভয়ানক জনবিস্ফোৰণ হ’ব পাৰে বুলি মত প্ৰকাশ কৰে।  উক্ত সংবাদমেলত টোগাড়িয়াই ৰাজ্যত হিন্দু লোকৰ তুলনাত মুছলমান ধৰ্মাৱলম্বী লোকৰ জনসংখ্যাৰ হাৰ অধিক বুলি কোৱাৰ লগতে বাংলাদেশী লোকসকলক ডি এন এ পৰীক্ষাৰে চিনাক্ত কৰি পৰ্যবেক্ষণ কৰাৰ দাবী উত্থাপন কৰে।

 উল্লেখযোগ্য যে , বৰ্তমান দেশত হিন্দু সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধি নেতিবাচক। ভাৰতত মুঠ  হিন্দু জনসংখ্যাৰ  শতাংশৰ হাৰ হ্ৰাস পাইছে। টোগাৰীয়াই উল্লেখ কৰা মতে, দেশত দ্ৰুত জনসংখ্যা বৃদ্ধিত হিন্দুসকলৰ কোনো অৱদান নাই। পৰিসংখ্যা অনুসৰি, হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে ১.৮%, আনহাতে, সংখ্যালঘু (মুছলমান) জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে ২.৪% ।

Leave a Reply

Your email address will not be published. Required fields are marked *