দুখীয়া-দৰিদ্ৰ তথা সমাজৰ পিছ পৰা শ্ৰেণীৰ লোকসকলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা তথাকথিত অভিলাষী আচঁনিসমূহ যেনেদৰে সৰ্বসাধাৰণৰ কাষ নাপায়গৈ,একেদৰে আমাৰ ন্যায় ব্যৱস্থাই সৰ্বসাধাৰণক ঢুকি নাপায়।কিন্ত সৰ্বসাধাৰণৰ বাবে এতিয়া আশা-ভৰসাৰ শেষ স্থল ন্যায় ব্যৱস্থাক সহজ লভ্য আৰু কম খৰচী কৰি গঢ়ি তুলিব পৰা নগল স্বাধিনতাৰ ৭৫টা বছৰে ।
ন্যায় ব্যৱস্থাৰ এনে জটিলতাৰ বাবেই অসমকে ধৰি সমগ্ৰ দেশতে লাখ লাখ গোচৰ আদালত সমুহত বিচাৰাধীন অবস্থাত আছে। যদিহে গোচৰসমূহত বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া নহয়,তেন্তে অপৰাধীক উপযুক্ত শাস্তি বিহাতো সম্ভৱ নহয়।সেইবাবে ৰাজ্যখনত বছৰ বছৰ ধৰি অপৰাধ নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ হৈ উঠাৰ আশংকা হৈছে।
দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে তেওঁৰ ভাষণত কয় যে ন্যায়াপালিকাৰ কাম-কাজ আৰু চিন্তা-চৰ্চাসমূহ ৰাইজৰ প্ৰতি দায়বদ্ধ হব লাগে।তেওঁ স্পষ্টভাবে কয়, দেশৰ আইন আৰু ন্যায় ব্যৱস্থাৰ সুবিধা লাভ কৰিব, সমাজৰ অন্যান্য লোকেও অনুৰূপ সুবিধা লাভ কৰিব লাগে।