নাৱত উঠি সমষ্টিৰ বিস্তীৰ্ণ এলেকা পৰিদৰ্শন কৰে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে

Share

যুক্তা ৰাণী দাস

২ আগষ্ট: নিজ সমষ্টিৰ জলন্ত সমস্যা দূৰ কৰিবৰ বাবে বদ্ধপৰিকৰ নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ , নাৱেৰে পৰিদৰ্শন কৰে এলেকাটোৰ কালৰূপী খহনীয়াৰ । নাহৰকটীয়াৰ দিহিং নদীৰ নৈপৰীয়া বাসিন্দা সকলে বছৰ বছৰ ধৰি সন্মুখীন হৈ অহা গৰা খহনীয়া ৰোধ কৰিবলৈ বিচাৰ-বিবেচনা কৰিছে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে । জয়পুৰ নগাঘাটৰ পৰা জাগুন , চাচঁনি পৰ্যন্ত খহনীয়াৰ ভয়াবহ ৰূপ । নাহৰকটীয়া সমষ্টিৰ খহনীয়াৰ বাবে পুঁজি আবণ্টন কৰিব বুলি ঘোষণা কৰিলে বিধায়ক তৰংগ গগৈয়ে । খহনীয়া প্ৰতিৰোধ আৰু মথাউৰি নিৰ্মাণৰ বাবে আগন্তুক দুমাহৰ ভিতৰত কৰা হ’ব নিবিদা । বিধায়ক তৰংগ গগৈয়ে জানিবলৈ দিয়ে যে অতি সোনকালেই সমাধান হ’ব নাহৰকটীয়াবাসীৰ এই দীৰ্ঘদিনীয়া সমস্যা ।

Leave a Reply

Your email address will not be published. Required fields are marked *