অথলে গ’ল হেজাৰ হেজাৰ শিক্ষকে ৰাজপথত কৰা আন্দোলন

Share

অথলে গ’ল প্ৰাদেশিকৰণৰ দাবীত হেজাৰ হেজাৰ শিক্ষকে ৰাজপথত কৰা আন্দোলন । অতি কৌশলীভাৱে বাতিল কৰিলে সাত সহস্ৰাধিক ভেন্সাৰ স্কুলৰ চৰকাৰী স্বীকৃতি । আৰু বাতিলৰ পিছতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ পৰিণত কৰা হ’ব ভেন্সাৰ স্কুলসমূহ। লগতে এই বিদ্যালয়ৰসমূহত শিক্ষক- কৰ্মচাৰী সকলৰ বাবে নাথাকিব কোনো ধৰণৰ পদ প্ৰাদেশিকীকৰণৰ দাবীত আন্দোলন কৰাৰ অধিকাৰ।

ইফালে হেজাৰ হেজাৰ শিক্ষক- কৰ্মচাৰীৰ বাবে দুখবৰ কঢ়িয়াই অনা চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত শেহতীয়া এক নিৰ্দেশনাৰ পৰাই পোহৰলৈ আহিছে।

৬ এপ্ৰিলত সমগ্ৰ শিক্ষা তথা প্ৰধানমন্ত্ৰী পোষাণ শক্তি নিৰ্মাতা (পি এম পোষাণ) অসমৰ ৰাজ্যিক ন’বেল বিষয়া ড০ ওম প্ৰকাশৰ স্বাক্ষৰত এছ এছ এ, এম আই এছ-এছ এছ এ নম্বৰত জাৰি কৰিছিল উক্ত নিৰ্দেশনা।

অন্যহাতে এই নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি ইউডাইছৰ স্বীকৃতিপ্ৰাপ্ত চৰকাৰী সাহায্যপ্ৰাপ্ত শ্ৰেণীৰ পৰা সকলো ভেন্সাৰ শিক্ষানুষ্ঠান আঁতৰ কৰাৰ সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে। ইয়াৰ লগতে চৰকাৰে গ্ৰহণ কৰা উক্ত সিদ্ধান্তৰ পৰিপ্ৰক্ষিতত পি এম  পোষাণৰ তালিকাৰ পৰা সকলো ভেন্সাৰ স্কুলসমূহৰ নাম আঁতৰ কৰাৰ কথাও নিৰ্দেশনাত উল্লেখ কৰিছে। এপ্ৰিল মাহৰ পৰা এনে ভেন্সাৰ শিক্ষানুষ্ঠানসমূহত চাউলৰ যোগান বন্ধ কৰিবলৈ সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ড০ ওম প্ৰকাশে প্ৰতিখন জিলালৈ নিৰ্দেশ জাৰি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *