অসমত স্থাপন হ’ব ২৭খন টোলগেটঃ প্ৰশ্ন অখিল গগৈ

Share

দামবৃদ্ধিয়ে জনসাধাৰণৰ মুৰত মাধমাৰ শোধাই পুনৰ ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে টোলকৰ।প্ৰতিখন টোলগেটতে আৰম্ভণিৰ দিনটোৰ পৰাই টোলকৰৰ পৰিমাণ ৫ শতাংশৰ পৰা ১০ শতাংশলৈ বৃদ্ধি পাইছে।লঘু যান-বাহন আৰু গধুৰ যান-বাহনৰ ক্ষেত্ৰতো টোলকৰৰ পৰিমাণ বৃদ্ধি কৰা হৈছে।টোলকৰৰ পৰিমাণ বৃদ্ধি হৈ থকাৰ সময়তে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই ৰাজ্যখনত ২৭ খন টোলগেট স্থাপন কৰাৰ সিদ্ধান্ত লয়।

অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি সকলো সামগ্ৰীৰে দাম সমানুপাতিকভাৱে বৃদ্ধি পোৱাৰ লগতে সা-সামগ্ৰী কঢ়িয়াই অনা যান-বাহন সমূহেও অধিক হাৰত টোলকৰ দিব লাগিব।এই সন্দৰ্ভত অজি বিধায়ক অখিল গগৈয়ে কয় যে চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা উচিত লগতে জনসাধাৰণকো টোলগেটৰ বিৰুদ্ধাচৰণ কৰিবলৈ তেওঁ আহ্বান জনায়।তেওঁ লগতে কয় যে এখন সৰু বাহনে একোখন টোলগেটত ১৩৫ টকাকৈ আদায় দি ২৭ খনকৈ টোলগেট অতিক্ৰম কৰিবলগীয়া হ’লে টোলকৰৰ বাবদ কিমান হাজাৰ টকা ব্যয় কৰিব লাগিব,সেয়া চিন্তনীয় বিষয়।সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকসমূহৰ ক্ষেত্ৰত এই টোলগেটৰ পৰিমাণ হাজাৰ হাজাৰ টকা হ’ব।টোলগেটৰ কাষত ৱে ব্ৰীজ স্থাপন কৰি ছিণ্ডিকেট চলোৱাৰ ব্যৱস্থাও গঢ়লৈ উঠিছে বুলি তেওঁ মন্তব্য কৰে।

আনহাতে,আজি সদনত বিধায়ক খলিলুদ্দিন মজুমদাৰৰ প্ৰশ্নৰ উত্তৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে কৰিমগঞ্জ জিলাৰ বদৰপুৰত বাইপাছ নিৰ্মাণৰ বাবে এন এইচ আই ডি চি এলক দায়িত্ব দিয়া হৈছে।কাছাৰ আৰু কৰিমগঞ্জ জিলা প্ৰশাসনৰ দ্বাৰা ভূমি হস্তান্তৰ কৰাৰ পিছত বাইপাছ নিৰ্মাণ কাৰ্যৰ কাম আৰম্ভ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *