কয়লা খনিত কাম কৰিব গৈ নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ

Share

কয়লা খনন কৰিব গৈ নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ ।পত্নীৰ কাতৰ আহ্বানৰ পাছতেই নিৰুদ্দিষ্ট হৈ থকা প্ৰাঞ্জল মৰাণক বিচাৰি অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে । আজি মৃতদেহটো উদ্ধাৰ হোৱা বুলি পত্নী উৰ্বশী মৰাণক জনায় IGP জিৎমল দলে।

লিডুৰ কয়লা খনিত কৰ্মৰত  হৈ আছিল প্ৰাঞ্জল মৰাণ ,আৰু ৬ জানুৱাৰীৰ পৰা  কৰ্মৰ স্থলীৰ পৰা নিৰুদ্দেশ হৈ আছিল প্ৰাঞ্জল । আজি নিৰুদ্দেশ হোৱা স্থানতে মৃতদেহ উদ্ধাৰ হৈছে । ঘটনা স্থলীলৈ ইতিমধ্যে পত্নী আৰু পৰিয়ালৰ লোক ৰাওনা হৈছে । আজি  সন্ধিয়া পৰিয়ালক গতাই দিব  মৃতদেহ, এই কথা ফোনযোগে অৱগত কৰি নিশ্চিত কৰি কয় IGP গৰাকীয়ে ।

৬জানুৱাৰী পৰা নিৰুদ্দেশ হৈ থকা প্ৰাঞ্জলক  বিচৰাৰ বাবে চৰকাৰেও লোৱা নাছিল কোনো ব্যৱস্থা । তাৰ পিছত  পত্নীৰ অনুৰোধ মৰ্মে আৰক্ষী সঞ্চালক জি পি সিঙে বিষয়টো সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল । 

 

Leave a Reply

Your email address will not be published. Required fields are marked *