জম্মু-কাশ্মীৰত সংঘৰ্ষত শীৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদী নিহত

Share

তৃষ্ণা দাস
শ্ৰী নগৰ ১ আগষ্ট: জম্মু আৰু কাশ্মীৰৰ পুলৱামা জিলাত আজি নিৰাপত্তা বাহিনীসমূহৰ সৈতে এটা সংঘৰ্ষত ২০১৯ চনত পুলৱামত চি আৰ পি এফৰ এটা কনভয়ত চলোৱা সন্ত্ৰাস আক্ৰমণ ষড়যন্ত্ৰ আৰু পৰিকল্পনাত জড়িত জৈছ-ই-মহম্মদৰ (জে ই এম) দুটা দূৰ্ধষ সন্ত্ৰাসবাদী নিহত হয়। তাৰ ভিতৰত এটা পাকিস্তানী সন্ত্ৰাসবাদী আৰু জে ই এমৰ মুৰব্বী মাছূদ আজাহাৰৰ পৰিয়ালৰ। মহম্মদ ইছমাইল আলভি ওৰফে আদনান আছিল জৈছৰ শীৰ্ষ কমাণ্ডাৰ। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই( এন আই এ) পুলৱামাৰ আক্ৰমণ গোচৰত দাখিল কৰা অভিযোগ নামত আলভিৰ নাম আছিল। নিহত আনটো সন্ত্ৰাসবাদীক পুৱালমাৰ সমীৰ ভৰ বুলি চিনাক্ত কৰা হয়। ‘এ প্লাছ কেটেগৰি’ৰ সন্ত্ৰাসবাদী সমীৰো পুলাৱমাৰ আক্ৰমণত জড়িত আছিল আৰু নিয়াৰ অভিযোগনামাত নাম আছিল। সংঘৰ্ষটো লাগে পুলৱামাৰ দচিগাম বনাঞ্চলত। আৰক্ষীৰ এজন বিষয়াই কয় যে সেই ঠাইত সন্ত্ৰাসবাদী উপস্থিতিৰ বিষয়ে খবৰ পোৱা পিছত নিৰাপত্তা বাহিনীসমূহে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযানত চলাই। তেতিয়া সন্ত্ৰাসবাদীবিলাকে নিৰাপত্তা বাহিনীৰ এটা দললৈ জধে-মধে গুলীচালনা কৰে আৰু নিৰাপত্তা বাহিনীসমূহে গুলীৰে প্ৰত্যুত্তৰ দিয়ে।উভয় পক্ষৰ মাজত লগা সংঘৰ্ষত আলভি আৰু ডব নিহত হয়। কাশ্মীৰৰ আই জি পি বিজয় কুমাৰে কয়, ” আজিৰ সংঘৰ্ষত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জৈহু-ই-মহম্মদৰ সৈতে জড়িত শীৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদী লম্বু নিহত হয়।” আজিৰ সফল অভিযানটোৰ বাবে তেওঁ সেনা আৰু আৰক্ষীক অভিনন্দন জনায়। কুমাৰে কয় যে আলভি পুলৱামা জিলাৰ লেথপুৰাত সন্ত্ৰাস আক্ৰমণ ষড়যন্ত্ৰ আৰু পৰিকল্পনাত জড়িত আছিল আৰু এন আই এই দাখিল কৰা অভিযোগনামাত আলভিৰ নাম আছিল। উল্লেখযোগ্য যে ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুৱালমাৰ লেথপুৰাত চি আৰ পি এফৰ এটা কনভয়ত পাকিস্তান-ভিত্তিক সন্ত্ৰাসবাদী সংগঠন জে ই এমৰ আদিল ডৰ নামৰ এটা আত্মঘাতী বেমাৰুৱে আক্ৰমণ চলোৱাত ৪০ জনৰো অধিক সৈন্য নিহত হৈছিল। তাৰ কেইদিনমানৰ পাছতে পাকিস্তানৰ বালকোটত জৈছৰ এটা শিবিৰত ভাৰতে বিমান আক্ৰমণ চলাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *