পৰীক্ষা বিহীন ফলাফলঃ পুনৰ পৰীক্ষা দি ফলাফল লাভৰ সময়লৈ বিশ্ব বিদ্যালয়ত নামভৰ্তিৰ সময় থাকিবনে? মুখ্যমন্ত্ৰীক প্ৰশ্ন বকোৰ শিক্ষাৰ্থীৰ

Share

নিবেদিতা ভৰালী

১ আগষ্ট: কামৰূপ জিলাৰ বকোত এগৰাকী শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলকলৈ সামাজিক মাধ্যমত দিয়া হতাশা জনক এটা পোষ্টক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰাবাৰী আদৰ্শ জাতীয় বিদ্যালয়ৰ মেধাৱী শিক্ষাৰ্থী চৈত্যণ কুমাৰ মেধীয়ে শিক্ষাৰ্থীগৰাকীৰ ফলাফলকলৈ হতাশ হৈছে বুলি এটা পোষ্টত উল্লেখ কৰিছে ।

মেধাৱী শিক্ষাৰ্থী গৰাকীয়ে উল্লেখকৰা মতে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ মাত্ৰ ৬২শতাংশ নম্বৰহে লাভ কৰিছে । অথচ শিক্ষাৰ্থীগৰাকীয়ে নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাত ৯৩.২৭ শতাংশ নম্বৰ লাভ কৰিছিল ।একেদৰে প্ৰি-টেষ্ট পৰীক্ষাত ৮৫.৩৩ শতাংশ নম্বৰ লাভ কৰিছিল । তেনেস্হলত মেধাৱী শিক্ষাৰ্থীগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঘোষণা কৰা ফলাফল অনুযায়ী ৬২.৩৩ শতাংশ নম্বৰ লাভ কৰা বিষয়টো কোনো কাৰণতে মানি ল’ব পৰা নাই ।

কটন বিশ্ববিদ্যালয়ত পঢ়াৰ মন থকা শিক্ষাৰ্থী গৰাকীয়ে শিক্ষা বিভাগে ঘোষণা কৰা মতে পুনৰ পৰীক্ষা দিলে কটন বিশ্ববিদ্যালয়ত নাম ভৰ্তিৰ সময় উকলি নাযাৱ নে বুলি প্ৰশ্ন উত্থাপন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক টুইট কৰিছে ।শিক্ষাৰ্থীগৰাকীৰ এই অভিযোগ মুখ্যমন্ত্ৰী গৰাকীয়ে কেনেধৰণে গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যনীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *