ৰাজ্যিক কৰ্মচাৰীৰ সকলৰ বাবে বিহুৰ উপহাৰ স্বাস্থ্যমন্ত্ৰীৰ

Share

শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কেইবাটাও সিদ্ধান্ত সদৰি কৰে ।এই  সিদ্ধান্ত  অনুসৰি ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব ৪ শতাংশ বৰ্ধিত মৰগীয়া বানচ। চৰকাৰী  কৰ্মচাৰীসকলে যোৱা এক  জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এই বৰ্ধিত মৰগীয়া বানচ লাভ কৰিব । তিনি মাহৰ বকেয়া মৰগীয়া বানচসহ এই  বৰ্ধিত মৰগীয়া বানচ  মাৰ্চ মাহৰ দৰমহাৰ সৈতে ১০ এপ্ৰিলৰ ভিতৰত  লাভ  কৰিব কৰ্মচাৰীসকলে । ইয়াৰ বাবে চৰকাৰৰ মুঠ ব্যয় হব ৮০ কোটি টকা ।

ইয়াৰ উপৰিও, মুখ্যমন্ত্ৰীৰ সৌৰশক্তি প্ৰকল্পৰ অধীনত চৰকাৰে এহেজাৰ মেগাৱটৰ প্ৰজেক্ট স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কাৰ্বি আংলঙত বহুৱাব এই পাৱাৰ প্ৰজেক্ট। লগতে বসুন্ধৰা ১ আৰু ২ ৰ পিছতো ভূমি  আৱণ্টন নোপোৱা ৭৬০টা খিলঞ্জীয়া পৰিয়ালক ভূমি আবণ্টনত সন্মতি দিয়ে  উক্ত বৈঠকত । তদুপৰি, RIDF ৰ মুঠ ২০৩১ কোটি ১৪ লাখ টকা ব্যয়েৰে মথাউৰিৰ পৰা পকী পথ, বান নিয়ন্ত্ৰণ আৰু মীন পালনৰ বাবে আঁচনি ধাৰ্য কৰাৰ  সন্মতি দিয়ে  শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত। 

Leave a Reply

Your email address will not be published. Required fields are marked *