গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীনৰ ছুপাৰ স্পেচিয়েলিটী চিকিৎৎসালয় হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ (চি এন চেন্টাৰ)ত আজি এটা অত্যাধুনিক অক্সিজেন প্ৰকল্প আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য -পৰিয়ালৰ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।
বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানৰ জৰিয়তে বায়াৰ -এ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আগবঢ়োৱা অৰ্থ-সাহাৰ্যৰে স্থাপন কৰা এই প্ৰেছাৰ ছুইং এডছৰপচন (পি এছ এ) অক্সিজেন প্ৰকল্পটোৰ জৰিয়তে এতিয়াৰে পৰা প্ৰতি মিনিটত ৫০০লিটাৰ মেডিকেল অক্সিজেন চি এন চেন্টাৰত উৎপাদন হব।বুধবাৰে দুপৰীয়া আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্য়ক্ষ ডঃ অচ্যুত বৈশ্য ,বায়াৰ ফাউণ্ডেচনৰ ভাৰতস্থ শীৰ্ষ কাৰ্যবাহী ৰাস্না পাণ্ডা , চি এন চেন্টাৰৰ বিভাগীয় মুৰব্বী ডা সঞ্জীৱ মেধিৰ ডঃ লগতে জিএমচি এইচৰ অধ্য়াপক -চিকিৎসক সকল উপস্থিত থাকে ।মন্ত্ৰী কেশৱ মহন্তই এই কথাও কয় যে যােৱা বছৰৰ ৯ মেত শুভাৰম্ভ হোৱা চিএন চেন্টাৰে বিগত এঘাৰ মাহত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ।
অসমৰ তিনিখনকৈ জিলাত নিৰ্মাণ কৰি থকা নতুন চিকিৎসা মহাবিদ্যালয়ৰ অহা ১৪ এপ্ৰিলত এইমছৰ সৈতে শুভ উদ্বোধন কৰিব প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একেদৰে ,চলিত বৰ্ষতে শিলচৰ,যোাৰহাট ,তেজপুৰ, বৰপেটা ,ডিফু আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় ,ছখন ছুপাৰস্পেচিয়েলিটী হাস্পাতাল স্থাপন কৰিবলৈ চৰকাৰে ব্য়ৱস্থা গ্ৰহণ কৰা বুলি বিভাগীয় মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ।