জনসাধৰণৰ মূৰত আন এক মাধমাৰ। জীৱনদায়িনী ৩৮৪ বিধ অত্যাৱশকীয় ঔষধৰ দাম বৃদ্ধি হোৱাৰ পিছতে পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি কৰা হ’ব টোল গেটৰো কৰ। উল্লেখ্য ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ( এনএইচএআই) য়ে ১৫ শতাংশ লৈ বৃদ্ধি কৰিছে টোল গেটৰ কৰ। যাৰ বাবে সাধৰণ জনতাই বৰ্ধিত হাৰত দিব লাগিব টোল গেটৰ মাছুল।
উল্লেখ্য যে অত্যাৱশকীয় সামগ্ৰী, পেট্ৰল-ডিজেল , ঔষধৰ মূল্যবৃদ্ধিৰ পিছতে চৰকাৰৰ আন এক সিদ্ধান্তই ৰাষ্ট্ৰীয় ঘাইপথসমূহেৰে চলাচল কৰা জনসাধৰণৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে।এনএইচএআই নিৰিখ কৰা অনুসৰি মদন,নাজিৰাখাত, ৰহাত বৃদ্ধি কৰা হব মাছুল।
উল্লেখ্য যে ‘নেচনেল ৰোডছ ফী ( ডিটাৰমিনেচন অৱ বেটছ এণ্ড কালেকচন ) ৰুলছ ২০০৮ ৰ অধীনত এনএইচএআই কতৃপক্ষই প্ৰতিবছৰে টোল গেটৰ কৰৰ সংশোধন ঘটায় টোল গেটৰ কৰ।