সমগ্ৰ ৰাজ্যজুৰি ৰঙৰ উৎসৱ ফাকুৱা উদযাপন

Share

ফাকুৱা ফাগুন মাহত পালন কৰা এটা ৰঙৰ উৎসৱ।হিন্দুসকলৰ প্ৰাচীনতম উৎসৱ ফাকুৱা।ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰে ৰঙৰ উৎসৱ ফাকুৱা।হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়।আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ৰঙৰ উৎসৱ ফাকুৱা।  

ৰঙৰ উৎসৱ ফাকুৱাক ভাৰতবৰ্ষৰ ভিন্ন জাতি-সম্প্ৰদায়ৰ লোকে বিভিন্ন নামেৰে পালন কৰা দেখা যায়।এই উৎসৱক ওড়িশা,বিহাৰ,পশ্চিমবংগ আদি ৰাজ্যৰ লগতে বিভিন্ন ৰাজ্যত হোলী,ফলগু উৎসৱ,বসন্তোৎসৱ আৰু দেউল উৎসৱ আদি নামেৰে পালন কৰে।

ফাুকুৱা অসমত পোনপ্ৰথমে শ্ৰীমন্ত শংকৰদেৱ বৰদোৱা ধামত পালন কৰা হৈছিল।ফাকুৱা মূল তাৎপৰ্য হ’ল ইজনে সিজনক ফাকুৱা সানি ৰং উপভোগ কৰা।আজি ঢকুৱাখানাৰ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত ফাকুৱা উদযাপন কৰে।এই উৎসৱক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে।         

Leave a Reply

Your email address will not be published. Required fields are marked *