সাহিত্যিক ড° ৰীতা চৌধুৰীলৈ মূলা গাভৰু বঁটা প্ৰদান

Share

চলিত বৰ্ষৰ বীৰাংগনা মূলা গাভৰু  বঁটা প্ৰদান ° ৰীতা চৌধুৰীক । সাহিত্যিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই সন্মানেৰে সন্মানিত কৰা হব। দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদ মেলত এই কথা সদৰী কৰি তাই আহোম যুৱ কাৰ্যকৰী সভাপতি ভূগু হাতীমূৰীয়াই কয় যে ২এপিলত ° ৰীতা চৌধৰীক বঁটা প্ৰদান কৰা হব ।চৰাইদেউ সোণাৰিৰ ভগৱতী প্ৰসাদ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হবলগীয়া দিনজোৰা কাৰ্যসূচীতে চৌধুৰীক মূলাগাভৰু বঁটা প্ৰদান কৰা হব । এই বঁটাত থাকিব এযোৰ আহোমৰ সাজপাৰ ,এখন হেংদা, এখন মানপত্ৰ, এটি স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা । এই কথা ঘোষণা কৰি তেওঁ কয় যে – ২০১৩ বৰ্ষৰ পৰা বীৰাংগনা মূলাগাভৰু স্মূতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰি অহা হৈছে । এই মহান মহায়সী নাৰীগৰাকীক কেৱল শ্লোগানৰ ভিতৰত সীমাবদ্ধ নাৰাখি যথোচিত সন্মান জনোৱাৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰি অহা হৈছে । এইবাৰৰ বঁটা প্ৰদান অনুষ্ঠানত অসমৰ সমাজ জীৱনৰ কেইবাগৰাকী ব্যক্তি ,সমাজ সংগঠক ৰাজনীতিবিদ উপস্থিত থাকিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *