যোৰহাটৰ ঐতিহ্যমণ্ডিত চ’ক বজাৰত বিধ্বংসী অগ্নিকাণ্ড

Share

বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত যোৰহাটৰ মাজমজিয়াত এ. টি ৰোডৰ চক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।  এফালৰ পৰা জুইৰ গ্ৰাসত পৰে সমগ্ৰ চ’ক বজাৰ। চ’ক বজাৰৰ প্ৰথম গলীৰ শেষৰ ফালে অৰ্থাৎ পুৰণা চিভিলৰ কাষৰ এখন কাপোৰৰ দোকানত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।বিধ্বংসী জুইৰ তাপে নিমিষতে দোকানখন আগুৰি ধৰাত কাষৰ কেইবাখনো দোকানলৈ জুই সম্প্ৰসাৰিত হোৱাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।এই অগ্নিকাণ্ডতজ্বলি ছাই হয় ৩ শতাধিক সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠান।  

ইতিমধ্যে যোৰহাট  জিলা প্ৰসাশনে অন্য জিলাৰ অগ্নিনিৰ্বাপক বাহিনীৰ সহায় বিচাৰিছে । গোলাঘাট, শিৱসাগৰ,অইল, ONGC, মৰিয়নি, টীয়কৰ পৰাও অনা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নমুৱাৰ চেষ্টা  চলাইছে যোৰহাট প্ৰসাশনে।

বৈদ্যুতিক চৰ্ত চাৰ্কিটৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *