গুৱাহাটী , ১৬ ফেব্ৰুৱাৰীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নৱনিযুক্ত মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহতাৰ । বুধবাৰে গুৱাহাটী ৰাজভৱনত মুখ্য ন্যায়াধীশ ৰূপে নিযুক্ত সন্দীপ মেহতাক শপত বাক্য পাঠ কৰাই অসমৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে ।
১২ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে তেওঁক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছিল । ন্যায়াধীশ সন্দীপ মেহতাই ইয়াৰ পূৰ্বে ২০১১ ত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল ৷ আনহাতে ১৯৮৬ চনত তেওঁ অধিবক্তা হিচাপে ওকালতি জীৱন আৰম্ভ কৰে।একেদৰে তেওঁ ২০০৪ ৰ পৰা ২০০৫ লৈ কাউন্সিল অৱ ৰাজস্থানৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০১০ ত সভাপতি হিচাপে নিয়োজিত হয় ৷
উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই অৱসৰ গ্ৰহণ কৰাত তেওঁৰ স্থানত ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে সন্দীপ মেহতাক । বুধবাৰৰ শপত গ্ৰহণ অনুষ্ঠানত সন্দীপ মেহতাৰ পত্নী আৰু পুত্ৰৰ সৈতে উপস্থিত আছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।
.