অলিম্পিকত পদক নিশ্চিত লাভলীনাৰ : ইতিহাস ৰচিলে অসম-কন্যাই

Share

প্ৰাঞ্জল প্ৰতিম ডেকাৰ অলিম্পিক বিশেষ সংবাদ
ট’কিঅ,৩০জুলাই: সমগ্ৰ দেশবাসীৰ শুভকামনাক সাৰথি কৰি টকিঅ’অলিম্পিকত ভাগ লোৱা প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰ লাভলীনা বৰগোঁহায়ে কোৱাৰ্টাৰ ফাইনেলত বিজয়েৰে পদক নিশ্চিত কৰিলে টকিঅ’ অলিম্পিকত । কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেৰ চেন নিয়েন চীনক পৰাস্ত লাভলীনাৰ । টকিঅ’ অলিম্পিকত বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত আশানুৰূপ ভাৱে জয়ৰ হাঁহি মাৰি অসম কন্যা গৰাকীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰাত উৎফুল্লিত হৈ পৰিছে
গৃহৰাজ্য অসমৰ লগতে সমগ্ৰ দেশবাসী । উল্লেখ্য যে,অসমলৈ প্ৰথমবাৰৰ বাবে অলিম্পিকৰ পদক কঢ়িয়াব লাভলীনাই ।
অহা ৪ আগষ্টত অনুষ্ঠিত হ’ব লাভলীনাৰ পৰৱৰ্তী খেল ।

Leave a Reply

Your email address will not be published. Required fields are marked *