গুৱাহাটী ২৭ জানুৱাৰী : শুকুৰবাৰে দিনৰ ১১ বজাত দিল্লীৰ তালকাটৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ কাৰ্যসূচী ‘পৰীক্ষা পে চৰ্চা’ ২০২৩। এই কাৰ্যসূচীত ষ্টেডিয়ামত ২ হাজাৰ ছাত্ৰ – ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু অনলাইন মাধ্যম যোগে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ – ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে।
বোৰ্ড পৰীক্ষাৰ মানসিক চাপ আৰু উদ্বেগ সম্পৰ্কীয় প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত বৰ্ষৰ দৰে এইবাৰো অনুষ্ঠিত কৰিছে ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ সৈতে এই মত বিনিময় অনুস্থান।
ছাত্ৰ – ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁলোকক নিজৰ কামত মনোনিৱেশ কৰিবলৈ কোৱাৰ লগতে কঠোৰ পৰিশ্ৰমে তেওঁলোকক জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব বুলি জনায়। ইয়াৰ উপৰিও তেখেতে পৰীক্ষাত নকল নকৰিবলৈ অৰ্থা সহজ উপায় অৱলম্বন নকৰিবলৈ আহ্বান জনায়।
উল্লখযোগ্য যে, ৩৮ লাখ ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ এই পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ মতে যোৱা বছৰৰ তুলনাত এইবাৰৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি অতিকমেও ১৫ লাখ বেছি।