অনালি শৰ্মা
পুনে,২৯জুলাই : প্ৰথম ভাৰতীয় শ্বটলাৰ হিচাপে খ্যাত কিংবদন্তি বেডমিন্টন খেলুৱৈ নাণ্ডু নাটেকাৰ আৰু নাই । ১৯৫৬ চনত আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা খেলুৱৈ গৰাকীয়ে বাৰ্ধক্যজনিত কাৰণত যোৱা বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে । ৮৮ বছৰ বয়সত মৃত্যুবৰণ কৰা নাটেকাৰে ১৫ বছৰীয়া কেৰিয়াৰত ১০০ ৰো অধিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খিতাপ জয় কৰিছিল । নিজৰ বৰ্ণিল কেৰিয়াৰত নাটেকাৰে বিশ্বৰ তৃতীয় স্থান দখল কৰাৰ লগতে ১৯৫৪ চনৰ অল ইংলেণ্ড চেম্পিয়ানশ্বিপৰ কোৱাৰ্টাৰ ফাইনেললৈও আগুৱাইছিল । তদুপৰি ১৯৬১ চনত অৰ্জুন বঁটা , ১৯৫১ আৰু ১৯৬৩ চনৰ ভিতৰত থমাছ কাপত ভাৰতীয় দলৰ সদস্য হিচাপে ১৬ খন ছিংগলছৰ ১২ খনত আৰু ডাবলছৰ ১৬ খন খেলৰ ৮ খনত জয়ী হৈছিল । উল্লেখ্য যে জামাইকাত ১৯৬৬ চনত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল । ১৯৫৬ চনত মালয়েছিয়াৰ ছেলেঞ্জাৰ ইণ্টাৰনেশ্যনেল খিতাপ জিকি অভিলেখ স্থাপন কৰা নাটেকাৰে মৃত্যুৰ সময়ত পুত্ৰ গৌৰৱ আৰু দুগৰাকী কন্যাক এই ইহ সংসাৰত এৰি থৈ গৈছে । তেখেতৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে ।