সম্পূৰ্ণৰূপে ধ্বংসৰ দিশে পাকিস্তানৰ অৰ্থনীতি। অৰ্থনৈতিক সংকটত ভুগিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান।দ্বিতীয় শ্ৰীলংকা হোৱাৰ দিশে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। আকাশলংঘী মূল্যবৃদ্ধিত জীৱন নৰকত পৰিণত হৈছে সাধাৰণ জনতাৰ । ১ কিলো আটাৰ বাবেই এতিয়া বজাৰত মৰা কটা হোৱাৰ ঘটনা সুলভ হৈ পৰিছে, ইপিনে ৫০০ শতাংশ বৃদ্ধি হৈছে খাদ্য সামগ্ৰীৰ দাম । মিঠাতেলত দাম বাঢ়ি প্ৰতি লিটাৰত হৈছেগৈ ৫৩২ টকা, পিঁয়াজৰ দাম ২২০ টকা ।চেনি আৰু ঘিউৰ মূল্য ৬২ শতাংশ বৃদ্ধি পাইছে। ইফালে দেশখনৰ এনে অৰ্থনৈতিক বিপৰ্যয়ে ভাৰতীয় উদ্যোগপতিলৈ বিপদ কঢ়িয়াই আনিছে।
পাকিস্তানত বহু ভাৰতীয় উদ্যোগপতিয়ে বিনিয়োগ কৰাৰ লগতে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিছে। দেশখনৰ বৰ্তমান দেখা দিয়া অৰ্থনৈতিক এনে বিপৰ্যয়ে এই উদ্যোগ আৰু উদ্যোগীসমূহক বিপদক পেলোৱটো নিশ্চিত। আশংকা অনুসৰি, অতি শীঘ্ৰেই শ্ৰীলংকা সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে পাকিস্তানত । এই বিপদৰ পৰা মুক্তি লাভ কৰিবলৈ পাকিস্তানৰ ৰাজনৈতিক নেতৃত্ব বাৰে বাৰে শৰণাপন্ন হৈছে চীন আৰু চৌডি আৰবৰ । আনহাতে, চৌডি আৰবে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৩ বিলিয়ন ডলাৰ যদি পাকিস্তানে লাভ নকৰে তেন্তে বিক্ৰী কৰিব লাগিব ৰাষ্ট্ৰায়ত্ত সম্পত্তি ।