গুৱাহাটী,১০ জানুৱাৰীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী আৰু ভাতৃ দিগন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ পৰা ডিফুলৈ গৈ থকা অৱস্থাত জাগীৰোডৰ শিলচাংত এক পথ দুৰ্ঘটনাত পটিত হয়৷ জানিব পৰা মতে ডিফুৰ এখন সভাত অংশ গ্ৰহণৰ বাবে গৈছিল মাতৃ পুত্ৰ গৈ থকা অৱস্থাত একেটা দিশেৰে যোৱা এখন স্ক’ৰপিয় বাহনে তেওঁ লোকৰ ইনভা বাহন খনত খুন্দা মাৰে ৷ খুন্দা মৰাৰ পাছতে স্ক’ৰপিয় বাহন খন সেই স্থানৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে৷ এই দুৰ্ঘটনাত দুয়োগৰাকীয়ে সামান্য আঘাত পায় যদিও দুয়ো বৰ্তমান বিপদ মুক্ত বুলি জানিব পৰা গৈছে৷