আজি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব ভাৰত আৰু শ্ৰীলংকাৰ ক্ৰিকেট দলে

Share

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কাইলৈ অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া খেল।  শ্ৰীলংকাৰ ক্ৰিকেট দলটোও উপস্থিত হৈছেহি গুৱাহাটীত। ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়া ইতিমধ্যে উপস্থিত হৈছে গুৱাহাটীত । 

আজি বিয়লিলৈ দুয়োটা দলেই বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন কৰিব। গুৱাহাটীত উপস্থিত হৈ দুয়োটা দলেই হোটেল ৰেডিচন ব্লো’ত বাহৰ পাতিছে । কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে আটাইকেইজন খেলুৱৈক হোটেললৈ অনা হয় ।  আজি  দিনৰ ১ বজাৰ পৰা ৪ বজালৈ শ্ৰীলংকাৰ দলে বৰ্ষাপাৰা ষ্টেডিয়ামত চলাব অনুশীলন । 

বিয়লি ৫ বজাৰ পৰা ৮ বজালৈ অনুশীলন চলাব ভাৰতীয় দলে। বিয়লি ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল , শ্ৰেয়াৰ আয়াৰৰ সৈতে টীম ইণ্ডিয়াৰ আটাইকেইজনে অনুশীলন চলাব ।উল্লেখ্য যে এদিনীয়া মেচখনৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম। বিগত বৰ্ষৰ দৰে পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে তন্ন তন্নকৈ সকলো দিশ চালিজাৰি চাইছে অসম ক্ৰিকেট সন্থাই।

Leave a Reply

Your email address will not be published. Required fields are marked *