ৰাজস্থানত সূৰ্যনগৰী এক্সপ্রেছৰ ভয়ংকৰ দুৰ্ঘটনা

Share

নৱবৰ্ষৰ দ্বিতীয় দিনতেই ৰাজস্থানৰ পালিত সূৰ্যনগৰী এক্সপ্রেছখন দুৰ্ঘটনাত পতিত হয়।এই দুৰ্ঘটনাত বান্দ্ৰা টাৰ্মিনাস যোধপুৰ সূৰ্যনগৰী এক্সপ্রেছৰ প্ৰায় ১১টা ডবা প্ৰভাৱিত হোৱাত আঘাতপ্ৰাপ্ত হয় ভালেসংখ্যক ব্যক্তিৰ।

যোধপুৰ বিভাগৰ ৰাজকীয় শাখাৰ মাজত পুৱা ৩:২৭ বজাত এই ঘটনা সংঘটিত হয়।যাত্ৰীসকলে কৈছিল যে মাৰৱাৰ জংচনৰ পৰা ৰেলখন প্ৰস্থান কৰাৰ ৫ মিনিটৰ ভিতৰত ঘটনাটো সংঘটিত হৈছিল।

এই ঘটনাৰ সন্দৰ্ভত উত্তৰ-পশ্চিম ৰেলৰ কতৃপক্ষই তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে ঘটনাটোৰ সংঘটিত হোৱাৰ কাৰণ জানিব পৰা নাই।জানিব পৰা মতে প্ৰতি বছৰে গড়ে ১,৭০৪ খন ৰে’ল লাইনচ্যুত হৈ দুৰ্ঘটনাৰ সম্মুখীন হয়।

ভাৰতত আটাইতকৈ জনপ্ৰিয় যাতায়াত ব্যৱস্থাটোৱেই হৈছে ৰে’ল।প্ৰতিবছৰেই বহু কোটি লোকে ৰে’ল যাত্ৰা কৰে ভাৰতত।ৰে’ল লাইন আৰু ৰে’ল সমূহৰ পৰীক্ষণ সঘনাই হ’লেহে এনে দুৰ্ঘটনা ৰোধ কৰিব পৰা যাব।     

Leave a Reply

Your email address will not be published. Required fields are marked *