অৱশেষত জয়ী হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নোট বাতিলক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমৰ্থনত থাকিল ভাৰতৰ শীৰ্ষ ন্যায়ালয়। একো ভুল নাছিল মোদীৰ সিদ্ধান্তত। ভাৰতৰ উচ্চতম ন্যায়ালয়ে আজি ১০০০ আৰু ৫০০ টকীয়া মুদ্ৰাৰ বিমুদ্ৰাকৰণক সমৰ্থন কৰি ৰায় দিয়ে। উচ্চতম ন্যায়ালয়ত বিচৰাধীন হৈ থকা বিষয়টোৰ পাঁচজনীয়া বিচাৰপীঠৰ চাৰিজন ন্যায়াধীশে কেন্দ্ৰৰ ২০১৬ চনৰ অনুশীলনৰ সপক্ষে ৰায় দিয়াৰ বিপৰীতে ন্যায়াধীশ বি ভি নাগাৰাথ্নাই মতানৈক্য প্ৰকাশ কৰে।
ন্যায়াধীশ নাগাৰাথ্নাই কেন্দ্ৰই আৰম্ভ কৰা নোট নিষেধাজ্ঞাক “বিচ্যুত আৰু বে-আইনী” বুলি অভিহিত কৰে যদিও এতিয়া সেয়া যথাৰ্থ অৱস্থালৈ পুনৰ ঘূৰাই আনিব নোৱাৰি বুলিও কয়। সংসদৰ আইনৰ জৰিয়তে এই পদক্ষেপ কাৰ্যকৰী হ’ব পাৰিলেহেঁতেন বুলি ন্যায়াধীশগৰাকীয়ে মতপ্ৰকাশ কৰে। বিমুদ্ৰাকৰণৰ আদেশটো “আইনৰ বিপৰীত আৰু ক্ষমতাৰ অপ-ব্যৱহাৰ” বুলি উল্লেখ কৰি ন্যায়াধীশগৰাকীয়ে কয় যে সমগ্ৰ সিদ্ধান্তটো ২৪ ঘণ্টাৰ ভিতৰতে লৈ কাৰ্যকৰী কৰা হৈছিল। লগতে বিমুদ্ৰাকৰণৰ সৈতে জড়িত সমস্যাসমূহ ৰিজাৰ্ভ বেংকে পূৰ্বতেই কিয় বিশ্লেষণ কৰি নাচালে বুলিও তেওঁ প্ৰশ্ন কৰে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে ন্যায়ালয়ৰ ওচৰত দাখিল কৰা নথি-পত্ৰসমূহত “কেন্দ্ৰীয় চৰকাৰে বিচৰাধৰণে” বুলি উল্লেখ থকাৰ কথা কৈ ন্যায়াধীশগৰাকীয়ে বিমুদ্ৰাকৰণৰ সিদ্ধান্তসমূহত ৰিজাৰ্ভ বেংকে কোনোধৰণৰ নিজা মতপ্ৰকাশ কৰা নাছিল বুলি অভিহিত কৰে।
আনহাতে বিচাৰপতি এচ এ নাজিৰৰ নেতৃত্বত হোৱা এই বিচাৰ প্ৰক্ৰিয়াত কোৱা হয় যে কেন্দ্ৰীয় চৰকাৰৰ কোনো আৰ্থিক সিদ্ধান্তক সলনি কৰা নাযায়। এই ৰায়ৰ সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ন্যায়ালয়ে :
- নোটবন্দীৰ উদ্দেশ্য পূৰণ হ’ল নে নহ’ল আজিৰ তাৰিখত সেয়া প্ৰাসংগিক নহয়।
-
নোট বিনিময়ৰ বাবে নিৰ্ধাৰিত ৫২ দিনৰ সময়সীমাক কম বা অযুক্তিকৰ বুলি ক’ব নোৱাৰি। -
এই প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ পৰা লোৱা হোৱাৰ বাবেই এই সিদ্ধান্তক ভুল বুলি ক'ব নোৱাৰি। - আমি ধৰি লৈছো যে লাভ কৰিব বিচৰা লক্ষ্যসমূহৰ সৈতে এক যুক্তিসংগত সম্পৰ্ক আছিল।
উল্লেখযোগ্য যে ২০১৬ চনৰ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰচলিত ৫০০ আৰু ১০০০ টকীয়া মুদ্ৰাৰ প্ৰচলন বন্ধ কৰি নতুনকৈ ৫০০ আৰু ২০০০ টকীয়া মুদ্ৰাৰ প্ৰচলন কৰিছিল। এই বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ পিছৰে পৰাই বিভিন্ন অৰ্থনীতিবিদ তথা দেশবাসীৰ সিদ্ধান্তক লৈ বাত-বিতণ্ডা চলি থকাৰ মাজত কেন্দ্ৰই কয় যে আদালতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা কৰি কাম কৰিব লাগিব আৰু ইয়াত “অন্তৰ্নিহিত সুৰক্ষা” আছে। এই আলোচনা ছমাহ ধৰি হৈছিল বুলি পাঁচজন ন্যায়াধীশৰ ভিতৰত চাৰিজনে কয়। ন্যায়ালয়ৰ আদেশ পঢ়ি ন্যায়াধীশ বি আৰ গাভাইয়ে কয় যে – “অৰ্থনৈতিক নীতিৰ বিষয়ত অতি সংযম থাকিব লাগিব। আদালতে কাৰ্যবাহীৰ জ্ঞানক নিজৰ বুদ্ধিমত্তাৰে সলনি কৰিব নোৱাৰে।” বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে ৫৮ খন আবেদন কৰা হৈছিল। সেইসমূহত উল্লেখ আছিল যে এইটো কোনো বিবেচিত সিদ্ধান্ত নহয় আৰু ইয়াৰ ফলত লাখ লাখ নাগৰিকৰ অপৰিসীম কষ্টৰ সৃষ্টি হৈছিল, যিসকলে নগদ ধনৰ বাবে শাৰী পাতিবলৈ বাধ্য হৈছিল। ন্যায়ালয়ত এই আবেদন সমূহৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে স্ব-সমৰ্থনত যুক্তি দি কয় যে – “বিমুদ্ৰাকৰণ হৈছে এক “সুবিবেচিত” সিদ্ধান্ত আৰু ভুৱা ধন, সন্ত্ৰাসবাদী বিত্তীয় সাহায্য, ক’লা ধন আৰু কৰ ফাঁকিৰ ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ এক বৃহত্তৰ কৌশলৰ অংশ।”