জাবৰৰ দ’মে বিপদাপন্ন কৰিছে ভৰলু নৈৰ অস্তিত্ব

Share

অনালি শৰ্মা

ভৰলুমুখ ,২৮ জুলাই : পৌৰ নিগমে যদিও গুৱাহাটী মহানগৰক পৰিষ্কাৰ মহানগৰ হিচাপে গঢ়াৰ পদক্ষেপ হাতত লৈছে, তথাপি বাস্তৱ ক্ষেত্ৰত তাৰ কিন্তু সম্পূৰ্ণ ওলোটা ছবিখন হে দেখা পোৱা যায় । উল্লেখ্য যে ভৰলুমুখ ৰেলগেটৰ পৰা প্ৰায় ১০০ মিটাৰ আগৰপৰা ভৰলু আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীলৈকে মন কৰিলে প্লাষ্টিকৰ বটল, পলিথিনৰ দ’মেৰে ভৰা এটা কৰ্দয ৰূপ দেখিবলৈ পোৱা যায় । এই পৰিবেশ এতিয়া অঞ্চলটোৰ বাবে হৈ পৰিছে বিপদজনকভাৱে অস্বাস্থ্যকৰ । জলসম্পদ বিভাগে ভৰলু শ্বুইচ গেটৰ দুয়োকাষ শ্বুইচ গেট বন্ধ হৈ নপৰিবৰ বাবে যদিও পৰিষ্কাৰ কৰিছে , কিন্তু বাকী অংশ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত জি এম চিয়ে কোনো ধৰণৰ ব্যৱস্থা বৰ্তমানলৈকে গ্ৰহণ কৰা নাই বুলি সূত্ৰটোৱে জনায় । স্থানীয় একাংশ লোকৰ মতেও ভৰলু পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই পৌড় নিগমে । অসচেতন লোকৰ এনে কাৰ্য্যই ব্ৰহ্মপুত্ৰ নৈৰ প্ৰতিও যে ভাবুকি নানিব তাক নুই কৰিব নোৱাৰি । কিয়নো ভৰলুৰ আৱৰ্জনা সমূহ গৈ ব্ৰহ্মপুত্ৰ নৈত পৰে গৈ । স্হানীয় লোক সকলৰ এটাই অনুৰোধ যে ভৰলু পাৰত যাতে আৰু কোনো আৱৰ্জনা পেলাব নোৱাৰে তাৰ বাবে গুৱাহাটী পৌড় নিগমে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক ।

Leave a Reply

Your email address will not be published. Required fields are marked *