মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমী বঁটা

Share

অসমৰ প্ৰখ্যাত লেখক, চিন্তাবিদ তথা সম্প্ৰচাৰ সাংবাদিক মনোজ কুমাৰ গোস্বামীক এই বছৰৰ সাহিত্য অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। “ভুলসত্য” নামৰ গ্ৰন্থখনৰ বাবে মনোজ গোস্বামীলৈ আগবঢ়োৱা হৈছে এই সন্মান। মনোজ কুমাৰ গোস্বামী বৰ্তমান ভাৰতৰ এক আগশাৰী চেটেলাইট চেনেলৰ লগতে অসমীয়া দৈনিক কাকতৰ মুখ্য সম্পাদক। গোস্বামীৰ সাহিত্যিক জীৱনৰ আৰম্ভণি হৈছিল “ঈশ্বৰ হীনতা” আৰু “প্ৰেম হীনতা”কে ধৰি বহুকেইটা চুটি গল্প সংকলনৰ সৈতে। ইয়াৰোপৰি মনোজ গোস্বামী হ’ল জনপ্ৰিয় উপন্যাস “অনাদি” আৰু “অনন্যা”ৰ লেখক। ১৯৯৪ চনত গোস্বামীক ক্ৰিয়েটিভ ফিকশ্বনৰ সন্মানীয় “কথা বঁটা”ৰে স্বীকৃতি দিয়া হয় আৰু ১৯৯৬ চনত তেওঁ সাহিত্যৰ বাবে “সংস্কৃতি বঁটা” লাভ কৰে। গোস্বামীৰ জনপ্ৰিয় চুটি গল্প ‘দ্য ভালচাৰ’ক মহান লেখক স্বৰ্গীয় খুচৱন্ত সিঙে Our Favourite Indian Stories [2002]ত অন্তৰ্ভুক্ত কৰিছিল। সমাজহিতৈষী গোস্বামীয়ে জাপানৰ পাৰমাণৱিক আৰু হাইড্ৰ’জেন বোমাৰ বিৰুদ্ধে আন্দোলনক সমৰ্থন কৰে আৰু এক পাৰমাণৱিক মুক্ত বিশ্বৰ সপোনৰ দিশত কাম কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *