অসম চৰকাৰে ৰাজ্যৰ উন্নতিৰ বাবে দিনে নিশা কাম কৰি আহিছে তথাপিতো কিন্ত অসমত তিনি হাজাৰৰো অধিক বিদ্যালয়ত ছাত্ৰৰ ছাত্ৰীৰ বাবে নাই উপযুক্ত শৌচাগাৰৰ ব্যৱস্থা। এই কথা উল্লেখ কৰিলে শিক্ষা মন্ত্ৰী ৰণোজ পেগুয়ে ।ৰাজ্যখনত ল’ৰাৰ বাবে উপযুক্ত শোচাগাৰৰ ব্যৱস্থা নথকা মুঠ ৩১১৭ খন বিদ্যালয়ৰ ভিতৰত ২৭৪৭ খন প্ৰাথমিক পৰ্যায়ৰ আনহাতে ৩৭০খন বিদ্যালয় মাধ্যমিক পৰ্যায়ৰ। আনহাতে ছোৱালীৰ বাবে উপযুক্ত শোচাগাৰৰ ব্যৱস্থা নথকা মুঠ ১৬৯৩ খন বিদ্যালয়ৰ ভিতৰত ১৫৮২খন হৈছে প্ৰথমিক পৰ্যায়ৰ আৰু মাধ্যমিক পৰ্যায়ৰ ১১১ খন বিদ্যালয় । যি কথা শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে উল্লেখ কৰিলে কংগ্ৰেছ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্নৰ উত্তৰত । বৃহস্পতিবাৰে বিধানসভাত শিক্ষামন্ত্ৰী পেগুৱে উল্লেখ কৰি কয় যে ৰাজ্যৰ ১১০০ৰো অধিক বিদ্যালত নাই খোৱা পানীৰ ব্যৱস্থা আৰু এহাজাৰৰো অধিক বিদ্যালয়ত এতিয়ালৈকে নাই বিদ্যুত সংযোগৰ কনো সুবিধা । ইয়াতকৈও আচৰিত কথা হল যে ৰাজ্যৰ ২,৯০০খন বিদ্যালয় এজন শিক্ষক বা এগৰাকী শিক্ষয়িত্ৰীৰে চলি আছে । পিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষা ব্যৱস্থা দিল্লীতকৈ বহু ওপৰত বুলি ফিতাহি মৰাৰ পিছত খোদ ৰাজ্য চৰকাৰৰে এজন মন্ত্ৰীয়ে বিধানসভাত দাখিল কৰা এই তথ্যই এতিয়া শিক্ষা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ উদঙাই টুলিছে ।