মঙলবাৰে ৰাতিপুৱা তালিবান চৰকাৰৰ এখন বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰি ঘোষণা কৰে যে আফগানিস্তানৰ বিশ্ববিদ্যালয়ৰ সমুহৰ পৰা মহিলাসকলক নিষিদ্ধ কৰা হৈছে। যাৰ ফলত যুৱ প্ৰজন্মৰ মাজত নিন্দা আৰু হতাশাৰ সৃষ্টি হৈছে। এই নিষেধাজ্ঞাই মহিলাৰ শিক্ষা আৰু সীমিত কৰে, ইতিমেধ্য যোৱা বছৰ তালিবানে দখল কৰাৰ পিছতে মাধ্যমিক বিদ্যালয় আৰু উচ্চ বিদ্যালয়ৰ পৰা ছোৱালীক নিষিদ্ধ কৰিছে, মহিলাসকলক বেছিভাগ চাকৰিৰ পৰা বাধা দিয়াৰ লগতে মহিলাসকলক ৰাজহুৱাভাৱে মূৰৰ পৰা ভৰিৰ আঙুলিলৈ পোছাক বা হিজাব পিন্ধিবলৈ নিৰ্দেশ দিছে। তালিবানৰ এনে সিদ্ধান্তই সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে। যিহেতু শিক্ষা হৈছে এক মৌলিক অধিকাৰ, একবিংশ শতিকাত প্ৰাচীনতম ধৰ্মীয় ৰীতি-নীতিৰ আধাৰত এগৰাকী ব্যক্তিৰ মৌলিক আধিকাৰ খৰ্ব কৰাৰ ঘটনা হৈছে চিন্তনীয়া। পাকিস্তানৰ ন’বেল বঁটা বিজয়ী কিশোৰী মালাল ইউছুফজাই, যি পাকিস্তানত নাৰী শিক্ষাৰ বিৰুদ্ধে মাত মাতি গুলীবিদ্ধ হৈছিল তালিবানৰ আক্ৰমণত। তাৰ পিছতে সমগ্ৰ বিশ্বত নাৰী সৱলীকৰণ আৰু নাৰীৰ শিক্ষাৰ হকে গঢ় লৈ উঠিছিল দাবী। উল্লেখ্যযোগ্য যে বৰ্তমান সময়ত তালিবানে তেওঁলোকৰ ইছলামিক আইন বা চৰিয়াৰ কঠোৰভাৱে ব্যাখ্যা ব্যাপকভাৱে প্ৰণয়ন কৰি আছে।