প্ৰাঞ্জল প্ৰতিম ডেকাৰ বিশেষ প্ৰতিবেদন
২৭জুলাই, গুৱাহাটী:-সেয়া আছিল ২০১৫ চনৰ ২মে’ৰ কথা ।অসমৰ সংবাদ জগতত “Assam Talks” নামেৰে সংযোজিত হৈছিল এটা চেটেলাইট নিউজ চেনেল ।কিন্তু,অসমৰ সংবাদ ক্ষেত্ৰত হোৱা নিউজ চেনেলৰ তীব্ৰ প্ৰতিদ্বন্দ্বীতাৰ দৌৰত আজিৰে পৰা তিষ্ঠি থাকিবলৈ ব্যৰ্থ হ’ল চেটেলাইট চেনেলটো । এতিয়াৰে পৰা দূৰদৰ্শনৰ পৰ্দাত চাবলৈ নাপাব Assam Talks । সংবাদ জগতৰ পৰিচিত নাম অতনু ভূঞা,অনুপম চক্ৰৱৰ্তীৰ দৰে জনপ্ৰিয় তথা অভিজ্ঞ সাংবাদিকে একালত মুখ্য সম্পাদকৰ আসন অলংকৃত কৰা এই চেটেলাইট চেনেলটোৰ মাধ্যমেৰেই জনপ্ৰিয় হৈছিল জ্যোতিদ্বীপ বৈশ্য, নীলোৎপল ৰায় চৌধুৰী,ভাস্কৰজ্যোতি বৰাৰ দৰে বহু যুৱ সাংবাদিকো ।
অসমৰ চেটেলাইট নিউজ চেনেলৰ তালিকাৰ পৰা এটা নাম খহি পৰাত ব্যথিত হৈছে সংবাদপ্ৰেমী সচেতন মহল ।
উল্লেখ্য যে, সাম্প্ৰতিক প্ৰেক্ষাপটত ৱেৱ প’ৰ্টেলসমূহৰ জয়জয়-ময়ময় অৱস্থায়ো চেটেলাইট নিউজ চেনেলবোৰৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।