জনতা ভৱনত ৰাজ্যৰ পুৰোহিত আৰু নামঘৰীয়ালৈ আৰ্থিক সাহাৰ্য্যপ্ৰদান

Share

জনতা ভৱনৰ চি এম ব্লকৰ সভাগৃহত অনুষ্ঠিত অনুষ্ঠানত অসমৰ পুৰোহিত আৰু নামঘৰীয়ালৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হ’ল । জনতা ভৱনত অনুষ্ঠিত আৰ্থিক সাহাৰ্য্য প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । আনহাতে সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিল মন্ত্ৰী বিমল বড়াৰ লগতে আন আন মন্ত্ৰীসকল ।মংগলবাৰে এই অনুষ্ঠানত উপষ্ঠিত থাকি  অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে  অসমৰ ৬,১২৪ টা নামঘৰীয়ালৈ আৰু ২,৪৩৮ গৰাকী পুৰোহিতলৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে । উল্লেখ্য যে ৰাজ্যৰ ৯৯৮৭ নামঘৰীয়াই আবেদন জনাইছিল যদিও ৬১২৪গৰাকী নামঘৰীয়াক নিৰ্বাচন কৰা হয়  । নামঘৰীয়াক একেদৰে ৫৯৩৩ গৰাকী পুৰোহিতে আবেদন জনাইছিল যদিও ২৪৩৮ পুৰোহিতক নিৰ্বাচিত কৰি সাহাৰ্য্য বিতৰণ  কৰি পুৰোহিতসকলক ১০ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য্য আগবঢ়াই ।

Leave a Reply

Your email address will not be published. Required fields are marked *