কাটাৰ বিশ্বকাপ ফাইনেলত প্ৰৱেশ কৰিলে এইবাৰ মেছি বাহিনীয়ে। বিশ্বকাপৰ প্ৰথমখন হাই-ভল্টেজ ছেমি ফাইনেলত আৰ্জেন্টিনা আৰু ক্ৰ’য়েছিয়াৰ যুঁজ। চাৰিবছৰ পূৰ্বে ৰাছিয়াৰ মাটিত তিনি গ’ল দি ক্ৰ’য়েছিয়াৰ হাতত পৰাজয়ৰ পোতক তুলিলে মেছি বাহিনীয়ে। টপ কৰ্ণাৰ নেটত বল সোমাই মেছিয়ে ক্ৰ’য়েছিয়াৰ বিৰুদ্ধে প্ৰথমটো গ’ল দিবলৈ সক্ষম হৈছিল আৰ্জেন্টিনাই।ইয়াৰ পাঁছ মিনিট পিছতে দ্বিতীয় গ’ল দিবলৈ সক্ষম হৈছিল আৰ্জেন্টিনাই ।খেলখনত ৭০ মিনিট পিছত পুনৰ মেছি বাহিনীৰ মেজিক।জুলিয়ান আলভাৰাজৰ ভৰিৰে বল আহি শেষত দুয়োবাৰে গ’ল কৰিবলৈ সক্ষম হৈছিল আৰ্জেন্টিনাই।
ইমানতেই সমাপ্ত হ’ল ক্ৰ’য়েছিয়াৰ কাহিনী। ৩-০ গ’লত ব্ৰাজিলৰ ঘাতক ক্ৰ’য়েছিয়াক হৰুৱাই বিশ্বকাপ ফাইনেলত উপনীত হ’ল আৰ্জেন্টিনা।