প্ৰাঞ্জল প্ৰতীম ডেকা
অভিশপ্ত ২৭জুলাই !১৯৯১চনৰ এই দিনটোতেই দৰঙৰ দিপীলাত সংঘটিত হৈছিল এক মৰ্মান্তিক হত্যাকাণ্ড ।বিনা দোষত অকাৰণতে সীমান্ত সুৰক্ষা বাহিনীয়ে নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল উচ্চশিক্ষিত যুৱক গণেশ ডেকা,কেশৱ ডেকা,চন্দ্ৰ বৰুৱা,প্ৰমোদ ডেকা আৰু কৰুণা কলিতা নামৰ ৫জনকৈ নিৰীহ ব্যক্তিক ।টিউচন কৰিবলৈ যোৱা প্ৰয়াত গণেশ ডেকাকো ঘৰলৈ উভতি আহিব নিদিলে সুৰক্ষাৰ দায়িত্বত থকা নৰপিশাচহঁতে ।আনকি খেতিপথাৰত কৃষিকাৰ্য কৰি থকা খেতিয়ককো নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা হৈছিল ।সমগ্ৰ দৰং জিলাত শোঁকৰ ছা পেলোৱা এটা ক’লা অধ্যায়ৰ নাম “২৭জুলাই: দিপীলাৰ গণহত্যা” !
উল্লেখ্য যে-প্ৰয়াত গণেশ ডেকাৰ স্মৃতি ৰক্ষাৰ্থে পিতৃ ভৰত চন্দ্ৰ ডেকাই দান হিচাবে আগবঢ়োৱা ভূমিত প্ৰতিষ্ঠিত হয় পশ্চিম দৰঙৰ অগ্ৰণী শিক্ষানুষ্ঠান-“গণেশ ডেকা শিশু নিকেতন” ।
এইখিনিতে এটা কথা স্পষ্ট কৰি দিও যে- দিপীলাৰ গণহত্যাত নিহত ওপৰোক্ত ৫ গৰাকী নিৰীহ ব্যক্তিক কিছুমানে শ্বহীদ বুলি ক’ব খোজে । প্ৰকৃতাৰ্থত তেওঁলোক শ্বহীদ নহয় !কিয়নো-এওঁলোকে স্বেচ্ছাই প্ৰাণ আহুতি দিয়া নাছিল, তেওঁলোকক বিনা দোষত হত্যাহে কৰিছিল সুৰক্ষাৰ দায়িত্বত থাকি হত্যাকাৰীৰ চৰিত্ৰ ৰূপায়ণ কৰা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে ।
২৭ জুলাই আহে আৰু যায় । কিন্তু ভুক্তভোগী পৰিয়ালবৰ্গই আজিও নাপালে প্ৰকৃত ন্যায় ।প্ৰশ্ন হয়-চৰকাৰেও পাহৰিলে নেকি-১৯৯১ৰ ২৭ জুলাইত দিপীলাৰ গণহত্যাত নিহত এইসকল নিৰীহ ব্যক্তিৰ কথা ?