সংসদৰ শীতকালীন অধিৱেশনত এক প্ৰশ্নৰ উত্তৰ উত্থাপন হৈছে ভাৰতৰ তিনিওটা সহস্ৰ বাহিনীত প্ৰায় ডেৰ লাখ পদ খালী হৈ আছে। লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত তথ্য দিছে ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভাটে। খালী হৈ আছে ভাৰতীয় স্থল সেনা, বায়ু সেনা আৰু নৌসেনা এই পদসমূহ । ইয়াৰ ভিতৰত সৰ্বাধিক খালী হৈ আছে স্থলসেনাত।
২০২২ ৰ ১ জুলাইলৈকে তথ্য অনুসৰি স্থলসেনাত ১ লাখ ১৮ হেজাৰ ৪৮৫ টা পদ খালী আছে। আনহাতে ২২ ছেপ্তেম্বৰলৈ নৌসেনাত খালী ১১ হাজাৰ ৫৮৭ টা আৰু বায়ু সেনাত ৫ হাজাৰ ৮১৯ টা পদ খালী হৈ আছে।
উল্লেখ যোগ্য যে কংগ্ৰেছ সাংসদ দীপক বাজীৰ এক লিখিত প্ৰশ্নৰ উত্তৰত তথ্য প্ৰদান কৰিছে। এই খালী পদৰ বিপৰীতে স্থলসেনাত ৪০ হাজাৰ নৌসেনাত ৩ হাজাৰ আৰু বায়ু সেনা বাহিনীত ৩ হাজাৰ পদৰ বিজ্ঞাপন দিয়া হৈছিল।
সেই বিজ্ঞাপনৰ আধাৰতে এই পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে।