জনপ্ৰিয় কন্ঠশিল্পী জুবিন নটিয়াল গুৰুতভাৱে আঘাতপ্ৰাপ্ত

Share

বলীউডৰ জনপ্ৰিয় গায়ক জুবিন নটিয়াল বৃহস্পতিবাৰে পূৱতি নিশা  বিল্ডিঙৰ চিৰিৰ পৰা পৰি গুৰুতভাৱে আঘাতপ্ৰাপ্ত হৈছে। চিকিৎসাৰ বাবে মুম্বাইৰ এখন হস্পিতালত ভৰ্তি কৰোৱা হৈছে কন্ঠশল্পী গৰাকীক। দূৰ্ঘটনাটোত শিল্পীজনে মূৰত আঘাত পোৱাৰ লগতে ককাঁল আৰু কিছু হাড় ভাঙি গৈছে। উল্লেখযোগ্য যে দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে জুবিনৰ সোঁহাতত অস্ত্রোপচাৰ কৰা হ’ব। চিকিৎসকে তেওঁক সোঁহাত ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে। বলীউডৰ জনপ্ৰিয় আৰু বিশেষকৈ যুৱপ্ৰজন্মৰ ভিতৰত প্ৰিয় কন্ঠশিল্পী জুবিন নটিয়াল । তেওঁৰ লগত সংঘঠিত হোৱা দুৰ্ঘটনাৰ খবৰ পাই তেওঁৰ অনুৰাগীসকলো হতাশ হৈ তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *