আজি অসম দিৱস, ৰাজ্যবাসীয়ে সুৱৰিছে স্বৰ্গদেউ চাওলুং চুকাফাক

Share

আজি অসম দিৱস, ৰাজ্যবাসীয়ে সুৱৰিছে স্বৰ্গদেউ চাওলুং চুকাফাক। স্বৰ্গদেউ চুকাফাক স্মৰণ কৰি পালন কৰা হয় অসম বা চুকাফা দিৱস। ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ প্ৰথম গৰাকী স্বৰ্গদেউ সাতোৰাজক এক কৰি ভেটি গঢ়োতা চাওলুং চুকাফাৰ বীৰত্বৰ অৱদান সুৱৰিব সমগ্ৰ ৰাজ্যতে। উল্লেখ্য যে ১২২৮ চনৰ ২ ডিচেম্বৰ তাৰিখে চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থৈছিল । ১৯৭২ চনত ভীমকান্ত বুঢ়াগোঁহাই নামৰ এজন ব্যক্তিৰ প্ৰচেষ্টাৰ ফলত অসম দিৱসৰ আৰম্ভণি ঘটিছিল । ১৯৮৭ চনত লীলা গগৈ, পদ্ম বৰকটকী ১ মাৰ্চৰ আজিৰ সময় কাকতত চুকাফাৰ বিষয়ে বিভিন্ন লিখনি প্ৰকাশ কৰি উলিয়াইছিল । সেই বছৰতেই ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাতঅসম দিৱস জজ খেলপথাৰত চুকাফাৰ আয়োজন কৰা হৈছিল বৰ অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰৰ দিনতো চুকাফা দিৱস হিচাপে পালন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা য়ো সামাজিক মাধ্যমত স্বৰ্গদৈউ চুকাফাক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *