গুৱাহাটী লাচিত সংঘত ৪০০ সংখ্যক বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন

Share

গুৱাহাটী মহানগৰীৰ  চান্দমাৰিত অৱস্থিত গুৱাহাটী লাচিত  সংঘ ত  আজি  অনুষ্ঠিত কৰে অসমৰ বীৰত্ব আৰু সাহসৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্য়ক জন্ম জয়ন্তী । ১৯৭৯ চনত স্থাপিত  লাচিত সংঘটোৱে  জাতিৰ এই শ্ৰেষ্ঠ বীৰ গৰাকীৰ  বীৰত্বৰ কথা কৈ প্ৰতি পলে সোৱাৰাই আহিছে । প্ৰথম  কাৰ্যসূচী সংঘৰ পতাকা উত্তাোলনেৰে  আৰম্ভ  কৰি  সমবেত ভাৱে জাতীয় সংগীত পৰিৱেশন কৰা হয় ।  তাৰ পিছত সংঘত প্ৰতিষ্ঠিত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি  ফুলৰ তোৰা আৰু পুষ্প তৰ্পনৰ জৰিয়তে জাতিৰ বীৰ গৰাকীৰ প্ৰতি সন্মন প্ৰদৰ্শন কৰে জোষ্ঠ নাগৰিক তথা সংঘৰ প্ৰতিষ্ঠা কালৰে পৰাই জড়িত অৰুপ গোস্বামীয়ে ।পৰৱৰ্তী  সময়ত অৰুপ গোস্বামীয়ে ভাষণ  দি  বৰ্তমান সময়ত  বীৰপুৰুষ লাচিত বৰফুকনৰ লগত থকা সম্বন্ধ আৰু অসমীয়া সমাজৰ বিষয়ে এটি চমু বক্তব্য  দাঙি ধৰে । 

Leave a Reply

Your email address will not be published. Required fields are marked *