নিউজ ডেস্ক,২২ অক্টোবৰঃ বজালী জিলা প্ৰশসানে অহা ২৫ অক্টোবৰৰ দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰে । জিলা উপায়ুক্ত কাবেৰী বি শৰ্মাই নিৰ্দেশনা জাৰি কৰি অহা ২৫ অক্টোবৰৰ উক্ত দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে ।
উল্লেখ্য যে, জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, বিদ্যালয় আৰু মহাবিদ্যালয়,বেংক আদিকে ধৰি বন্ধ থাকিব চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান । তদুপৰি বজালী জিলাৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনেও দিপাৱলী উপলক্ষে ঘোষণা কৰে স্থানীয় বন্ধ ।সেই উপলক্ষে দীপাৱলীৰ উক্ত দিনটোত বিদ্যালয় আৰু মহাবিদ্যালয় লগতে বন্ধ থাকিব চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান ।