নিবেদিতা ভৰালী
২৫ জুলাই: জাপানৰ টকিঅ’ চহৰত অনুষ্ঠিত হোৱা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনত পদকৰ তালিকাত দ্বিতীয় দিনালৈকে শীৰ্ষত আছে চীন। তাৰ মাজতেই ভাৰতৰ মণিপুৰৰ মীৰাবাই ছানুৱে দেশৰ হৈ প্ৰথমটো ৰূপৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে । আনহাতে ২৫ জুলাই অৰ্থাৎ আজিৰ দিনটোত ভাৰতৰ হৈ পুৱা ৭.৩০ বজাত টেনিছত ৱ’মেনছ ড’বল্ছত ইউক্ৰেইনৰ বিৰুদ্ধে খেলিব ছানিয়া মিৰ্জা আৰু এ ৰাইনাই ,৭.১০ বজাত বেডমিন্টনত ৱ’মেনছ ছিংগলত ইজৰাইলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পি ভি সিন্ধুৱে, তাৰপাছত দিনৰ ১২ বজাত টেবুল টেনিছত পুনৰ ইউক্ৰেইনৰ খেলুৱৈৰ বিৰুদ্ধে ভাৰতৰ মনিকা বাত্ৰাই ,বিয়লি ১.৩০ বজাত ৱ’মেনছ ফ্লাইৱেইটত ডমিনিকছ ৰিপাব্লিকৰ মহিলা বক্সাৰৰ বিৰুদ্ধে ৰিঙত সোমাব মেৰী কম , আৰু ৩ বজাত অষ্ট্ৰেলিয়াৰ হকী দলৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰতীয় হকী দল।