পালাগুম্মী সাইনাথলৈ উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা

Share
নিউজ ডেস্ক, এইবেলি উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা বিশ্ববৰেণ্য সাংবাদিক, বিশ্ববিখ্যাত লেখক তথা মানৱ অধিকাৰ কৰ্মী পালাগুম্মী সাইনাথলৈ আগবঢ়োৱা হ’ব। উপেন্দ্ৰনাথ ব্ৰহ্ম ন্যাসৰ অধ্যক্ষ ড° সুবুং বসুমতাৰীয়ে এটা বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিয়ে।
তেওঁ কয় যে, প্ৰতি বছৰে যশস্যাসম্পন্ন ব্যক্তিক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা দি অহাৰ দৰে এইবাৰ বিশ্ববৰেণ্য প্ৰতিভাৰ অধিকাৰী তথা বিশিষ্ট সাংবাদিক  পালাগুম্মী সাইনাথক প্ৰদান কৰা হ’ব ।
উল্লেখ্য যে, পালাগুম্মী সাইনাথে গোটেই জীৱন গ্ৰাম্য ভাৰত, দৰিদ্ৰতা, সামাজিক বৈষম্যৰ বিৰুদ্ধে লিখিছিল । তেওঁ লেখাৰ মাজেদি প্ৰকাশ কৰা চিন্তা চৰ্চা বিশ্বব্যাপী সমাদৃত আৰু ভিন্ন বঁটাৰে পুৰস্কৃত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *