প্ৰাঞ্জল প্ৰতীম ডেকা
অলিম্পিক বিশেষ সংবাদ,২৫জুলাই:-বহুপ্ৰত্যাশাৰ অন্তত আৰম্ভ হোৱা টকিঅ’ অলিম্পিকত ভাৰতৰ জয়যাত্ৰা অব্যাহত ।কালিৰ দিনটোত মণিপুৰৰ মীৰাবাঈ চানুৱে ভাৰোত্তোলনত পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পিছত টকিঅ’ অলিম্পিকত পুনৰ উজ্বলিল অন্য এজন ভাৰতীয় পি.ভি সিন্ধু ।বেডমিন্টনৰ উদ্বোধনী মেচত ইজৰাইলৰ প্ৰতিপক্ষক পৰাজিত কৰি বিজয়ৰ হাঁহি মাৰে পি.ভি সিন্ধুৱে ।
বহুপ্ৰত্যাশিত টকিঅ’ অলিম্পিকত এইদৰে ইজনৰ পিছত সিজন ভাৰতীয়ৰ বিজয়ত উৎফুল্লিত হৈছে দেশবাসী ।
উল্লেখ্য যে,বক্সিং প্ৰতিযোগিতাত প্ৰি-কোৱাৰ্টাৰলৈ উত্তীৰ্ণ হৈ পৰৱৰ্তী পৰ্যায়ত খেলিবৰ বাবে সাজু হৈছে অসম কন্যা লাভলীনা বৰগোঁহাই ।লাভলীনা হৈছে অলিম্পিকত ভাগ লোৱা প্ৰথমগৰাকী মহিলা বক্সাৰ ।লগতে আজি ৰিঙত নামিব ভাৰতীয় তাৰকা খেলুৱৈ মেৰী কম ।