পল্লবী গগৈ
তিনিচুকীয়া,জুলাই ২৫: তিনিচুকীয়াৰ বাঘজানত উত্তপ্ত পৰিস্থিতি। অইলৰ বিৰুদ্ধে পথ অৱৰোধ কৰি অইলৰ বাহন সমূহ আবদ্ব কৰি ৰাখিছিল স্থানীয় ৰাইজে। পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা আৰু ৰবৰৰ বুলেট নিক্ষেপ কৰিছে বুলি জানিব পৰা গৈছে। বাঘজানৰ অইলৰ খাদত অগ্নিকাণ্ডৰ বাবে স্থানীয় লোকৰ যি ক্ষয়-ক্ষতি হৈছিল তাৰ উপযুক্ত ক্ষতিপূৰণ নোপোৱাৰ দাবীত প্ৰতিবাদ কাৰ্যসূচী অব্যাহত ৰাখে স্থানীয় ৰাইজে। এই ক্ষয় -ক্ষতিৰ উপযুক্ত ক্ষতিপূৰণ অইলৰ কৰ্তৃপক্ষই পূৰণ নকৰাত দীৰ্ঘদিনৰ পৰা স্থানীয় ৰাইজে অভিযোগ তুলি আহিছে।