ডিজিটেল ডেস্কঃ অসম-অৰুণাচলৰ মাজত থকা সীমা বিবাদৰ সমস্যা সমাধানৰ দিশে আগবাঢ়িছে অসম চৰকাৰ। অহা চেপ্তেম্বৰ মাহৰ ভিতৰত অসম-অৰুণাচল সীমা সমস্যা সমাধান হব বুলি খানাপাৰা অসম প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত সংবাদ মাধ্যমযোগে ঘোষণা কৰে মন্ত্ৰী অতুল বৰাই। সীমা সমস্যা সমাধানৰ বাবে অসম আৰু অৰুণাচল দুয়োখন ৰাজ্যই গঠন কৰি দিয়া আঞ্চলিক কমিটিয়ে আগষ্ট মাহৰ ভিতৰত বিবাদমান বুলি চিহ্নিত হৈ থকা গাওঁসমূহ যৌথভাৱে পৰিদৰ্শন কৰি দিয়া প্ৰতিবেদনৰ ভিত্তিত অসম-অৰুণাচলে এই বিষয়টো সমাধানৰ দিশে লৈ যাব।
যোৱা ১৫ জুলাইত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিতত হোৱা আলোচনাৰ অন্তত প্ৰস্তুত হোৱা নামচাই ঘোষণা পত্ৰত দুয়োখন ৰাজ্যৰ বিবাদমান ১১২ খন গাৱঁৰ ভিতৰত ৩৭ খন গাৱঁৰ নিষ্পত্তি হয়। অসমৰ সীমা সমস্যা নিষ্পত্তিৰ বাবে সীমা কমিটীৰ অধ্যক্ষ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা বৈঠকৰ পাছত বিবাদমান গাওঁসমূহ এই মাহৰ ভিতৰতে পৰিদৰ্শন কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী অতুল বৰাই।
লগতে মন্ত্ৰীগৰাকীয়ে কয় যে যৌথ পৰিদৰ্শন কালত দুয়োখন ৰাজ্যৰ আঞ্চলিক কমিটীয়ে সীমান্তবাসীৰ মতামত গ্ৰহন কৰিব আৰু নামচাই ঘোষণা পত্ৰ ঐতিহাসিক সিদ্ধান্ত বুলি পৰিগণিত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ১৫ চেপ্তেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল হোৱাটো বিচাৰিছে বুলি ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে অসমৰ ৮ খন জিলা অৰুণাচল সীমান্তৰ লগত সংলগ্ন হৈ আছে যদিও ৫খন জিলাৰ সীমাক লৈ বিশেষ সমস্যা নাই মাত্ৰ তিনিখন জিলাতহে সীমাৰ সমস্যা আছে বুলি ঘোষনা কৰে মন্ত্ৰী অতুল বৰাই।