আজিৰ পৰা ৭৬ তম অসম সাহিত্য সভা অধিৱেশন

Share

লখিমপুৰৰ নাৰায়ণ পুৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে এই বৰ্ষৰ অসম সাহিত্য সভা অধিৱেশন।  ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ হ’ব অসম সাহিত্য সভাৰ অধিৱেশন। উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য শ্ৰী শ্ৰী মাধৱ দেৱৰ জন্ম স্থান। ইতিমধ্য নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত এহাজৰ মাটিত অনুষ্ঠিত কৰা অসম সাহিত্য সভাৰ বিভিন্ন অনুষ্ঠানসমূহৰ মণ্ডপবোৰ প্ৰস্তুত কৰি উলিওৱা হৈছে। অসম সাহিত্য সভাৰ প্ৰথম দিনটো ৰাতিপুৱা ৯ বজাৰ লগে লগে মণিকাঞ্চন ক্ষেত্ৰৰ নামঘৰ বৰ্তমান কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামী দেৱে উদ্বোধন কৰাৰ লগতে নাম প্ৰসংগৰ কৰে । আজিৰ কাৰ্যসূচীৰ অনুসৰি ১০ বজাত আদৰণী সমিতিৰ মুখ্য তোৰণ উন্মোচন কৰাৰ লগতে ১০:৩০ বজাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অস্থায়ী ক্ষেত্ৰীয় কাৰ্যালয়ৰ দ্বাৰা উদঘাটনৰ কাৰ্যসূচী সম্পন্ন কৰা হয়। ইয়াৰ উপৰিও সন্ধিয়া ভূপেন হাজৰিকাৰ সোঁৱৰণীত উত্তৰ-পূব কৃষ্টি প্ৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠানত মূল মঞ্চত অনুষ্ঠিত কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *